Breaking

অভিনেত্ৰী বিপাশা বসু মাতৃ‌ হ’ল এটি কন্যা সন্তানৰ…

0 139

 অৱশেষত অভিনেত্ৰী বিপাশা বসু মাক হোৱাৰ ভাল খবৰটো আহিল। অভিনেতা কৰণ সিং গ্ৰোভাৰৰ সৈতে বিবাহৰ ছয় বছৰৰ পিছত বিপাশা মাতৃ হৈছে। তেওঁলোকৰ অনুৰাগীসকলে স্বাভাৱিকতে এই বাতৰিটো শুনি উৎসাহিত হৈছে।  অভিনেত্ৰীগৰাকীয়ে শনিবাৰে এটি কন্যা সন্তান জন্ম দিছে। 

উল্লেখ্য অভিনেত্ৰীগৰাকীয়ে তেওঁৰ গৰ্ভধাৰণৰ খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। তেতিয়াৰে পৰা  বিপাশা আৰু কৰণে অনুৰাগীসকলৰ মাজত বিভিন্ন ফটো শ্বেয়াৰ কৰি আহিছে। কিছুদিন আগতে   বিপাশাৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানত  অভিনেত্ৰীগৰাকীয়ে মাকৰ সৈতে বঙালী কইনাৰ সাজত সকলোৰে সন্মুখত দেখা দিছিল।  
অনুষ্ঠানটোৰ টেগলাইনত লিখা আছিল, “এটা সৰু বান্দৰ আহি আছে। আমি তেওঁৰ বাবে অপেক্ষা কৰি আছো।” অনুষ্ঠানটোত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা সকলৰ বাবে এটা বিশেষ ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হৈছিল। বিপাশা আৰু কৰণে কেইবা বছৰ ডেটিং কৰাৰ পিছত ২০১৬ চনৰ ৩০ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল।

 
এই বছৰৰ আগষ্ট মাহত বিপাশাই  গৰ্ভৱতী হোৱাৰ খবৰ তেওঁৰ অনুৰাগীসকলক জনাইছিল । তেওঁৰ গৰ্ভৱতী অৱস্থাৰ  ফটোশ্বুটে বিশেষ আলোড়োণৰ সৃষ্টি কৰিছিল।  উল্লেখ্য কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটো মাক হৈছিল। মুঠৰ ওপৰত বলীউডত এতিয়া ভালৰ উপৰি ভাল খবৰ আহিয়েই আছে।

Leave A Reply