Breaking

বিবাহৰ পূৰ্বে মাতৃ হ’ব অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ! ইলিয়ানাৰ কঁকালক লৈ কি মন্তব্য কৰিলে ৰণবীৰ কাপুৰে…

0 167

অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ মাতৃ হ’বলৈ ওলাইছে। এই খবৰটো চৰ্চালৈ অহাৰ লগে লগে সকলো আচৰিত হৈ পৰিল। বিয়া নোহোৱাকৈ সন্তান জন্ম দিবলৈ ওলোৱা সেই চেলিব্ৰিটিসকলৰ ভিতৰত এই অভিনেত্ৰীগৰাকী গৰাকীৰ নামো অন্তভুক্ত। অৱশ্যে ভৱিষ্যতে কি হ’ব কোনে জানে। কিন্তু অভিনেত্ৰীগৰাকীয়ে সন্তানৰ পিতৃ কথা গোপনে ৰাখিছে। কেইবছৰমান আগলৈকে ইলিয়ানাৰ সম্পৰ্ক আছিল অষ্ট্ৰেলিয়াৰ প্ৰেমিক এণ্ড্ৰু নিবনৰ সৈতে। অভিনেত্ৰীগৰাকীয়ে তেওঁক কেইবাবাৰো ‘স্বামী’ বুলিও অভিহিত কৰে। কিন্তু ২০১৯ চনত ইলিয়ানা আৰু এণ্ড্ৰুৰ সম্পৰ্ক বিচ্ছিন্ন হয়। তেতিয়াৰ পৰাই ইলিয়ানাই নিজৰ প্ৰেম জীৱনক লৈ মৌনতা অৱলম্বন কৰি আছে।

শেহতীয়াকৈ কেটৰিনা কাইফৰ ভাতৃ চেবাষ্টিয়ান লৰেণ্ট মিচেলৰ সৈতে তেওঁৰ সম্পৰ্ক কথা ওলাইছিল। অৱশ্যে পৃথকে পৃথকে বাস কৰা এই দম্পতীয়েও বহুবাৰ একেলগে বন্ধৰ দিন উদযাপন কৰা দেখা গৈছে। শেহতীয়াকৈ কেটৰিনা কাইফৰ জন্মদিনত পৰিয়ালৰ সৈতে মালদ্বীপ ভ্ৰমণৰ বহু ছবি দেখা গ’ল। ইলিয়ানাক তাত কেটৰিনাৰ ভাতৃ চেবাষ্টিয়ান, ভগ্নী ইছাবেল কাইফৰ সৈতেও দেখা গৈছিল। কেটৰিনাৰ পৰিয়ালৰ সৈতে ইলিয়ানাৰ উপস্থিতিয়ে সম্পৰ্কক লৈ চৰ্চা চলিছে।

ইলিয়ানা বলীউডৰ চিনাকি মুখ। ‘বৰফী’, ‘ৰুষ্টম’, ‘ৰেইড’ আদি ছবিত কাম কৰিছিল। ৰণবীৰ কাপুৰ, অক্ষয় কুমাৰ, অজয় ​​দেৱগনৰ দৰে শীৰ্ষ অভিনেতাৰ সৈতে তেওঁৰ কামে দৰ্শক আৰু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে এইবাৰ নতুন ছবিৰ ঘোষণা নহয়, বৰঞ্চ অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত জীৱনৰ এক নতুন অধ্যায়ৰ কথা ঘোষণা কৰিছে।

Leave A Reply