Breaking

বিয়াৰ ৬ বছৰৰ পিছত অনুশোচনাত ভুগিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ…

0 103

বিবাহৰ বহু বছৰৰ পাছত এটা কথাত অনুশোচনাত ভুগিছে নিক জ’নাছ। এটা ভিডিঅ’ত নিকে এই বিষয়ে মুকলিকৈ ক’লে। ভিডিঅ’টোত নিকে বিয়াৰ বিষয়ে এনে এটা কথা ক’লে যে তেওঁৰ ভিডিঅ’টো মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰিল। বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ বিয়া হোৱা ৬ বছৰ হ’ল। দুয়োৰে ৰাজস্থানৰ যোধপুৰৰ উমৈদ ভৱনত ৰাজকীয় বিয়া হৈছিল। এই দুয়োজন তাৰকাই এই বিবাহত পানীৰ দৰে টকা খৰচ কৰিছিল। যিটো খবৰ আজিও চৰ্চিত হৈ আছে। কিন্তু ইমান বছৰৰ পাছত বিয়াখনত খৰচ হোৱা খৰচৰ বাবে নিকে অনুশোচনা ভুগে। শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে। অভিনেতা গৰাকীৰ এই ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত নিকক তেওঁৰ ভাতৃদ্বয়ৰ সৈতে দেখা গৈছে। ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে নিক জ’নাছৰ ভিডিঅ’। এই গাড়ীখনত এজন ব্যক্তিয়ে নিক আৰু ভায়েকক অহৰহ প্ৰশ্ন কৰি আছে। এই ভিডিঅ’টোত নিকক এটা প্ৰশ্ন কৰা হৈছিল – ‘আপুনি কোনো এটা সময়ত অনুভৱ কৰিছিলনে যে বিয়াখন শেষ হৈছে?’ উত্তৰত নিক ক’লে- ‘হয়।’ ইয়াৰ পিছত নিক হাঁহি হাঁহি ক’লে – ‘বিশেষকৈ যেতিয়া মই বিল দেখা পাওঁ।’ বিয়াৰ খৰচ সন্দৰ্ভত নিকৰ বক্তব্য কিছু মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰিয়ংকা আৰু নিকৰ বিয়াত মুঠ ব্যয় হৈছে ৩.৫ কোটি টকা। দুয়োজনে পৰম্পৰাগত হিন্দু ৰীতি-নীতি আৰু খ্ৰীষ্টান ৰীতি-নীতিৰে উমৈদ ভৱনত বিবাহপাশত আবদ্ধ হৈছিল।

Leave A Reply