Breaking

চিকিৎসাৰ বাবে কোটি কোটি টকা ধাৰ লৈছে অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে ! অতি সোনকালে আমেৰিকালৈ যাব সামন্থা !

0 210

বহু দিন ধৰি দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থাই চিকিৎসাৰ বাবে ঋণ লোৱাৰ কথা চৰ্চাত আছিল। এতিয়া এই অভিনেত্ৰীগৰাকীয়ে জনাইছে সবিশেষ তথ্য। অসুস্থতাৰ বাবে সামান্থা ৰুথ প্ৰভুৱে বৰ্তমান এবছৰৰ বাবে অভিনয়ৰ বিৰতি লৈছে। তেওঁ মাই’চাইটিছ ৰোগত আক্ৰান্ত, এনে পৰিস্থিতিত অভিনয়ৰ পৰা বিৰতি লৈ প্ৰযোজকৰ আগধন মাচুল ঘূৰাই দিয়াৰ পিছত তেওঁ চহী কৰা সকলো প্ৰজেক্টৰ মাচুল ঘূৰাই দিয়াৰ খবৰ আহিছিল। এই সকলোবোৰৰ মাজতে এতিয়া চৰ্চালৈ আহিছে সামান্থাৰ এটা নতুন পোষ্ট। য’ত তেওঁ নিজৰ অসুস্থতাৰ চিকিৎসাৰ বাবে ধাৰ লোৱাৰ পৰা আৰম্ভ কৰি চিটাডেলৰ মাচুল ঘূৰাই দিয়ালৈকে সকলো কথা কৈছে।


শেহতীয়াকৈ সামন্থা ৰুথ প্ৰভুৱে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে। ঋণ লোৱাৰ উৰাবাতৰি কথা তেওঁ লিখিছে, “মাইঅ’চাইটিছৰ চিকিৎসাৰ বাবে ২৫ কোটি টকা !’ কোনোবাই মোৰ ওপৰত বহুত বেয়া কৌতুক কৰিছে।মই আনন্দিত যে মই এই ধনৰ সামান্য অংশ খৰচ কৰিছোঁ। মোৰ কেৰিয়াৰত যি কাম কৰিছো তাৰ বাবে মই সামান্য মাচুল পাইছোঁ বুলি ভাবো। গতিকে মই সহজেই নিজৰ যত্ন ল’ব পাৰো। ” আপোনালোকক জনাওঁ যে এক খবৰ অনুসৰি এজন ডাঙৰ তাৰকাই সামন্থাক চিকিৎসাত সহায় কৰিছে। কিন্তু সামন্থাই দক্ষিণৰ এজন ডাঙৰ তাৰকাৰ পৰা ২৫ কোটি টকা ধাৰ লৈছে, এতিয়া সামন্থাই এই সকলোবোৰ খবৰ মিচা বুলি কৈছে।অতি সোনকালে সামান্থা চিকিৎসাৰ বাবে আমেৰিকালৈ যাব।

Leave A Reply