Breaking

বিয়াৰ “ফুলশয্যা”ৰ প্ৰথম নিশাৰ শোৱনি কোঠাৰ ফটো শ্বেয়াৰ কৰিলে অভিনেত্ৰী স্বৰা ভাস্কৰে…

0 179

শেহতীয়াকৈ স্বৰা ভাস্কৰৰ সামাজিক কৰ্মী ফাহাদ আহমেদ খানৰ সৈতে আদালতৰ বিবাহ হৈছিল। একে সময়তে অভিনেত্ৰীগৰাকীয়ে প্ৰথম নিশা সজাই তোলা শোৱা কোঠাৰ ছবিখনো শ্বেয়াৰ কৰিছে।

বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱন সদায় শিৰোনাম দখল কৰি আহিছে। ছ’চিয়েল মিডিয়াত বিতৰ্কিত টুইটৰ বাবে লাইমলাইটত আছে অভিনেত্ৰীগৰাকী। আথিয়া শ্বেট্টী-কে এল ৰাহুল আৰু সিদ্ধাৰ্থ মালহোত্ৰা-কিয়াৰা আদৱানীৰ বিবাহত সমগ্ৰ বি-টাউনত হুলস্থুল হৈ থকাৰ সময়তে ফেব্ৰুৱাৰী মাহত স্বৰা ভাস্কৰে গোপনে বিবাহপাশত আবদ্ধ হয় সমাজ কৰ্মী ফাহাধ আহমেদ খানক। শেহতীয়াকৈ ৩৪ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে বিয়াৰ নিশা ওৰফে “সুহাগ ৰাত”ৰ শোৱা কোঠাৰ এখন ছবিও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

শোৱা কোঠাৰ এখন ছবি শ্বেয়াৰ কৰিলে স্বৰাই
স্বৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ভালকৈ সজাই তোলা বেডৰুমটোৰ এখন ছবি শ্বেয়াৰ কৰিছিল যদিও এতিয়া এই ফটোখন ইনষ্টাত নোহোৱা হৈ গৈছে। কিন্তু এতিয়া ছচিয়েল মিডিয়াত ই অতি ভাইৰেল হৈ পৰিছে। ছবিখনৰ লগতে অভিনেত্ৰীগৰাকীয়ে মাকৰ বাবে এখন সৰু প্ৰেমৰ টোকাও লিখিছিল। স্বৰাই নিজৰ টোকাটোত লিখিছে ” যে মোৰ ফিল্মী সুহাগ ৰাত হো!”

ষ্টাইলিষ্ট প্ৰিয়ংকা যাদৱক স্বৰাৰ শোৱা কোঠা সজাই তোলাৰ দায়িত্ব দিয়া হৈছিল। একে সময়তে প্ৰিয়ংকা যাদৱেও ইনষ্টাগ্ৰাম ষ্ট’ৰীছত একেখন ছবি শ্বেয়াৰ কৰিছিল, যিখন ছবিও এতিয়া ডিলিট কৰা হৈছে। এই ধাৰণাটোৰ ক্ৰেডিট স্বৰাৰ মাতৃ ইৰা ভাস্কৰক দি লিখিছে, “হাহাহা আই লাভ ইট!!” পিছত স্বৰাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই পোষ্টটো পুনৰ শ্বেয়াৰ কৰে।

Leave A Reply