Breaking

শীঘ্ৰে মাতৃ হ’ব অভিনেত্ৰী স্বৰা ভাস্কৰ…

0 66

শীঘ্ৰে মাতৃ হ’ব অভিনেত্ৰী স্বৰা ভাস্কৰ। বেবী শ্বাৱাৰৰ আভাস তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ সমান্তৰালকৈ স্বামী ফাহাধৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছে। আচলতে দম্পতীহাল অতি সোনকালে পিতৃ-মাতৃ হ’বলৈ গৈ আছে। চলিত বৰ্ষৰ আৰম্ভণিতে বিশেষ বিবাহ আইনৰ অধীনত আদালতৰ বিবাহ হৈছিল। কিছুদিন পিছতে সকলো ৰীতি-নীতিৰে স্বৰা আৰু ফাহাদে বিয়া পাতে। বিয়াৰ পিছতে স্বৰা আৰু ফাহাদে ২০২৩ চনৰ ৬ জুনত “ভাল খবৰ” ঘোষণা কৰিছিল। স্বৰা ভাস্কৰে তেওঁৰ ছাৰপ্ৰাইজ বেবী শ্বাৱাৰ অনুষ্ঠানৰ বহু ছবি তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে। ছবিসমূহত হ’বলগীয়া পিতৃ-মাতৃ স্বৰা আৰু ফাহাদক হিলিয়াম বেলুন ধৰি পোজ দিয়া দেখা গৈছে।

এই বেলুনবোৰত লিখা আছিল “পাপা আৰু মামী”। স্বৰা আৰু ফাহাদৰ এই বছৰ বিয়া হৈছিল আৰু বিয়াৰ মাত্ৰ তিনিমাহৰ পাছতেই এই দম্পতীয়ে গৰ্ভধাৰণৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল।


Leave A Reply