Breaking

ডেংগু ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী জেৰিন খান…

0 58

ডেংগুৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’ল জেৰিন খান, এতিয়া কেনে আছে ছলমান খানৰ নায়িকা?
অসুস্থ অভিনেত্ৰী জেৰিন খান। তেওঁ ডেংগু ৰোগত আক্ৰান্ত। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল।

শেহতীয়াকৈ জেৰিনে চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। বৰ্তমান অভিনেত্ৰীগৰাকী চিকিৎসালয়ত আছে যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।

শেহতীয়াকৈ জেৰিনে ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁৰ হাতৰ এখন ছবি শ্বেয়াৰ কৰিছে। হাতত থকা চেলাইন লৈ থকা। এই ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি জেৰিনে লিখিছে ‘লাইফ আপডেট’। শেহতীয়াকৈ মুম্বাইত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰায় ১৫৭ গৰাকী মুম্বাইবাসী ডেংগুত আক্ৰান্ত হৈছে। ১৩ আগষ্টত সেই সংখ্যা ৩১৭ লৈ বৃদ্ধি পালে। শেহতীয়াকৈ ‘বিগ বছ অ’টিটি ২’ৰ প্ৰতিযোগী অভিষেক মালহান ডেংগু ৰোগত আক্ৰান্ত হৈছিল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল।

Leave A Reply