Breaking

আদালতত মুখ থেকেচা আদানীৰ ! বাতৰি প্ৰকাশত বাধা নিদিয়ে ন্যায়ালয়ে

0 65

বিপদে লগ এৰা নিদিয়া ধনকুবেৰ গৌতম আদানীয়ে পুনৰ মুখ থেকেচা খালে উচ্চতম ন্যায়ালয়ত। আদানীয়ে জালিয়াতিৰে ব্যৱসায় কৰাৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গে ফাদিল কৰাৰ পিছত নিশাটোৰ ভিতৰত ধনাঢ্যৰ তালিকাৰ পৰা হুৰহুৰাই খহিছিল তেওঁৰ স্হান। বিভিন্ন বেংক তথা ভাৰতীয় জীৱন বীমা নিগমেও সৰিয়হৰ ফুল দেখিছিল আদানীৰ পতনত। আদানীগোষ্ঠীৰ বা বাতৰি সংবাদ মাধ্যমত প্ৰকাশ নকৰিবলৈ আদালতে নিৰ্দেশ দিব লাগে বুলি কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। অধিবক্তাদ্বয় এম এল শৰ্মা আৰু বিশাল তিৱাৰীয়ে উচ্চতম ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন জনাই আদানী সম্পৰ্কীয় বাতৰি প্ৰকাশত বাধা আৰোপ কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আবেদন খাৰিজ কৰি আমি সংবাদমাধ্যমক এই বিষয়ত কোনো নিৰ্দেশনা নিদিও বুলি ৰায় দিয়ে। উল্লেখযোগ্য যে আদানীৰ পতনে বহু কেইটা বেংকৰ পৰা হাজাৰ কোটি ঋন লৈছিল। আনহাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে ৰাইজক নিজৰ কষ্টোপাৰ্জিত ধন ঘৰৰ মাটিত পুতি থবলৈ আহ্বান জনায় কোন সময়ত কি বেংক বন্ধ হৈ পৰিব তাৰ ভৰষা নাই বুলি কৰা টিপ্পনীয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Leave A Reply