Breaking

এই ৫ টা স্বাস্থ্যকৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, যিয়ে বৃদ্ধি কৰিব স্মৃতিশক্তি…

0 24

স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক কিছুমান বিশেষ খাদ্য। মাছ খোৱা লোকৰ মগজু অতি চোকা থাকে, কাৰণ ইয়াত উপস্থিত থকা ওমেগা-৩ ফেটি এচিডে আমাৰ মগজু আৰু স্মৃতিশক্তি চোকা কৰাত সহায় কৰে।

ব্ৰকলি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিন মগজুৰ কাৰ্য্যক্ষমতা সুস্থ আৰু বজাই ৰখাত উপকাৰী।

যদি আপুনি চকলেট খাই ভাল পায় তেন্তে এতিয়াৰ পৰা প্ৰতিদিনে এটাকৈ ডাৰ্ক চকলেট খাব। এন্টিঅক্সিডেন্টৰ লগতে ইয়াত আন বহুতো পুষ্টিকৰ উপাদানও থাকে, যিবোৰে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে।

আখৰোট আৰু আলমণ্ড খালে মগজু চোকা কৰে আৰু স্মৃতিশক্তি বৃদ্ধি পায়। প্ৰায়ে যেতিয়া কোনোবাই কিবা এটা পাহৰি যায়, প্ৰথম উপদেশ দিয়া হ’ল আলমণ্ড খোৱা। গতিকে আজিৰ পৰাই আলমণ্ড খোৱা আৰম্ভ কৰক।


Leave A Reply