Breaking

আদিল দুৰানীৰ দ্বিতীয় বিবাহ, প্ৰাক্তন পত্নী ৰাখীৰ প্ৰশ্নঃ কেনেকৈ সম্ভৱ? উত্তৰটো জানক…

0 118

‘বিগ বছ’ৰ প্ৰাক্তন প্ৰতিযোগী ছমী খানক বিয়া কৰাই কেইবাদিনৰ পিছতে আদিল দুৰাণীয়ে এতিয়া ৰাখী সাৱন্তৰ সৈতে বিবাহ সন্দৰ্ভত নিজৰ মন্তব্য ৰাখিছে। আচলতে ৰাখী সাৱন্তই আদিলৰ দ্বিতীয় বিবাহৰ পিছত এক প্ৰশ্ন উত্থাপন কৰিছিল যে বিবাহ বিচ্ছেদ নোহোৱাকৈ কেনেকৈ পুনৰ বিয়া হ’ব পাৰে। এতিয়া আদিল দুৰানীয়ে ৰাখী সাৱন্তৰ এই প্ৰশ্নৰ উত্তৰ দিছে। আদিল খান দুৰানীয়ে কৈছে যে ৰাখী সাৱন্তৰ লগত তেওঁৰ বিবাহ অবৈধ। ইয়াৰ আঁৰৰ কাৰণ বুজাই আদিলে দাবী কৰিছে যে ৰাখী সাৱন্তৰ ইতিমধ্যে কাৰোবাৰ লগত বিয়া হৈছিল। আনকি যেতিয়া তেওঁ তেওঁৰ লগত আছিল। তেওঁ কয় যে এই বিষয়ত আদালততো গোচৰ চলি আছে। এই কথা কৈ আদিল দুৰানীয়ে ছমীৰ সৈতে দ্বিতীয় বিবাহক ন্যায্যতা প্ৰদান কৰি যুক্তি দিছিল যে তেওঁ কোনো ভুল কৰা নাই।


এক সাক্ষাৎকাৰত আদিল খান দুৰানীয়ে কয়, ‘এই প্ৰশ্নটো বহুতৰে মনত আহি আছে যে মই পুনৰ কেনেকৈ বিয়া পাতিলোঁ? আলহামদুলিল্লাহ, মোৰ আকৌ বিয়া কৰোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। মই এজন মুছলমান আৰু মই বিয়া কৰাব পাৰো। পৰিয়ালৰ সান্নিধ্যত বিয়া পাতিলোঁ। মই কোনো গোপন বিয়া কৰা নাই। পৰিয়াল অবিহনে, বন্ধ কোঠাত বিয়া হোৱা নাই। এই সকলোবোৰ মোৰ আৰু ছমী খানৰ পৰিয়ালৰ সন্মতি সাপেক্ষে হৈছে। ৰিচেপচনো কৰিছো। আদিল দুৰানীয়ে কয় যে ৰাখী সাৱন্তই সদায় নেতিবাচকতা বিয়পাইছিল আৰু তাই কাকো সুখ দিব নোৱাৰে। মই তেওঁৰ দৰে নহয়। সুখ ভাগ কৰি ভাল পাওঁ আৰু ছমীয়ে মোৰ জীৱনত সুখ কঢ়িয়াই আনিছে। তাইৰ লগত মই সুখী আৰু শান্তিপূৰ্ণ জীৱন উপভোগ কৰি আছো।

আদিল দুৰানীয়ে চলিত বৰ্ষৰ ৭ মাৰ্চত ছমী খানৰ সৈতে বিবাহৰ কথা ঘোষণা কৰিছিল আৰু বিবাহৰ ছবি শ্বেয়াৰ কৰিছিল। বিগ বছ ১২ৰ প্ৰতিযোগী ছমী খান ভগ্নী ছাবা খানৰ সৈতে শ্ব’লৈ আহিছিল। ইয়াৰ পূৰ্বে আদিলে ৰাখী সাৱন্তক বিয়া কৰাইছিল। কিন্তু যোৱা বছৰ ৰাখীয়ে আদিলক অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ অভিযোগ উত্থাপন কৰাৰ সময়ত তেওঁলোকৰ পথ বিচ্ছিন্ন হৈছিল। ইয়াৰ পিছতে ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত আদিলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৫ মাহ কাৰাগাৰত থকা আদিলক মুকলি কৰি দিয়া হয়।

Leave A Reply