Breaking

আদিল খানে অস্বীকাৰ কৰিছে এই বিবাহ। হৃদয় ভাগিল ৰাখী সাৱন্তৰ ! ক’লে- ‘মোৰ লগতে এনে কিয় হয় ‘

0 598

‘ড্ৰামা কুইন’ বুলি অভিহিত ৰাখী সাৱন্তে প্ৰেমিক আদিল খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। অৱশ্যে আদিলে এই বিবাহক নাকচ কৰিছে। এতিয়া এই সন্দৰ্ভত ৰাখীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।ৰাখী সাৱন্তৰ ব্যক্তিগত জীৱন সদায়েই এক উত্তপ্ত বিষয় হৈ আহিছে। এসময়ত অভিনেত্ৰীগৰাকীৰ গোপন স্বামীক লৈ আলোচনা হৈছিল আৰু এতিয়া তেওঁৰ গোপন বিয়াখন শিৰোনামত। ৰাখী সাৱন্তৰ দাবী যে তেওঁ প্ৰেমিক আদিল খান দুৰানীৰ সৈতে মুছলমান ৰীতি-নীতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, আনহাতে আদিলে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে। আদিলৰ অস্বীকাৰক লৈ এতিয়া চৰ্চালৈ আহিছে ৰাখী সাৱন্তৰ প্ৰতিক্ৰিয়া।

আদিলে বিয়া হ’বলৈ অস্বীকাৰ কৰাক লৈ ৰাখী সাৱন্তই কথা কয়
আদিল খানৰ অস্বীকাৰৰ বাবে ৰাখী সাৱন্ত অতি দুখী। তেওঁ নিজৰ বিবাহক বৈধ বুলিও ঘোষণা কৰিছে। টাইমছ নাওক দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়, ‘ভনীয়েকৰ বিবাহৰ বাবেই তেওঁ মোক এবছৰলৈকে নিজৰ বিবাহৰ কথা প্ৰকাশ নকৰিবলৈ কৈছিল। তেওঁক বিশ্বাস কৰি বিগ বছ মাৰাঠী ছিজন ৪ লৈ গ’লোঁ৷ বিগ বছৰ ঘৰত থাকোঁতে ঘৰৰ বাহিৰত বহু কথা ঘটিছিল, যিটো মোৰ সীমাৰ বাহিৰত আছিল। গতিকে, বিয়াৰ ছবিবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলোঁ। মোৰ ভয় লাগিছিল। তেওঁ মোক বহুত ভাল পায়, কিন্তু আমাৰ বিয়াখন কিয় অস্বীকাৰ কৰিছে? তেওঁৰ পৰিয়ালৰ পৰা নিশ্চয় হেঁচা আহি আছে।

আদিলৰ লগত ৰাখীৰ বিয়া বৈধ

ৰাখী সাৱন্তই কয় যে তেওঁ ‘হালালা’ (আইনী)ৰ অধীনত বিয়া হৈছিল। ৰাখীয়ে ক’লে, মই হাৰাম কৰা নাই হালালাহে কৰিছো। বহুতে ‘হাৰাম’ (অবৈধ) কৰে, কিন্তু মই ‘হালালা’ কৰিলোঁ। মই ভুল কৰা নাই।” অভিনেত্ৰীগৰাকীয়ে কয় যে আদিলে তাইৰ লগত কথাও পতা নাই। ৰাখীয়ে ক’লে, মোৰ মা হস্পিতালত ভৰ্তি হৈ আছে। তেওঁৰ ব্ৰেইন কেন্সাৰ হৈছে আৰু মই তেওঁৰ বাবে বহুত চিন্তিত। আদিলে ৰাতিপুৱাৰ পৰা মোৰ লগত কথাও পতা নাই। আপুনি তেওঁক সুধিব পাৰে যে তেওঁ মোৰ লগত কিয় কথা পতা নাই। নাজানো কিয় এনে বেয়া কথাবোৰ কেৱল মোৰ লগতহে ঘটে?”

Leave A Reply