Breaking

বক্স অফিচত চৰম বিফলতা ‘আদিপুৰুষ’ৰ! দক্ষিণৰ মনোৰঞ্জন জগতখনে প্ৰভাসৰ ওপৰত বিশ্বাস হেৰুৱাইছে নেকি?

0 140

প্ৰভাস আৰু কৃতি শ্বেনন অভিনীত ছবি ‘আদিপুৰুষ’ৰ বিতৰ্ক, বহু বাধা অতিক্ৰম কৰি চলিত মাহত মুক্তি লাভ কৰিলে ছবিখনে৷ বিপুল খৰছত নিৰ্মিত ‘ৰামায়ণ’ৰ আধুনিক সংস্কৰণ ছবিখন। মুক্তিৰ পূৰ্বেও দৰ্শক আৰু অনুৰাগীৰ উন্মাদনা স্পষ্ট হৈ পৰিছিল। কিন্তু ছবিগৃহত মুক্তি পোৱাৰ পাছত বিশেষ সঁহাৰি নাপালে ‘আদিপুৰুষ’ ছবিয়ে।

প্ৰথম সপ্তাহৰ দৰ্শনীবোৰো ভালদৰে পাৰ নহ’ল। মন্দাৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰভাসৰ ছবিখনে টিকটৰ মূল্য হ্ৰাস কৰাৰ পিছতো অসফল। ইয়াৰ পূৰ্বেও প্ৰভাসৰ কেইবাখনো ছবি বক্স অফিচত বিফল হৈছে। একেৰাহে বিফলতাৰ পিছত এইবাৰ মনোৰঞ্জন জগতত প্ৰভাসে নিজৰ স্থান হেৰুৱাইছে নেকি?

‘বাহুবলী’ৰ দৰে ছবিৰ জৰিয়তে প্ৰভাসে সৰ্বভাৰতীয় দৰ্শকৰ দৃষ্টিগোচৰ হৈছিল। ব্যৱসায়িক সফলতা আৰু সমালোচকৰ প্ৰশংসাৰে অভিনেতাগৰাকীয়ে তাৰকা হিচাপে উন্নীত হয়। কিন্তু ‘বাহুবলী’ৰ পিছত ইখনৰ পিছত সিখনকৈ বক্স অফিচত বিফল হ’ল প্ৰভাসৰ ছবি।

‘আদিপুৰুষ’ৰ হাতেৰেও তেওঁৰ ভাগ্য ঘূৰি নাহিল। প্ৰভাসৰ পৰৱৰ্তী ছবি ‘প্ৰজেক্ট কে’। সেই ছবিখনত কমল হাছান, অমিতাভ বচ্চন, দীপিকা পাডুকনৰ দৰে তাৰকাই অভিনয় কৰিছে।তথ্য অনুসৰি প্ৰভাছে ‘প্ৰজেক্ট কে’ ছবিখনৰ বাবে ১৫০ কোটি টকাৰ পাৰিশ্ৰমিক বিচাৰিছিল।

তেওঁ সেই পাৰিশ্ৰমিক পাব নে নাপাব, সেয়া এতিয়া নিশ্চিত কৰিব পৰা নাযায়। অৱশ্যে শুনা যায় যে বেঞ্জীয়ে ‘আদিপুৰুষ’ ছবিত ব্যৰ্থ হোৱাৰ পিছতো প্ৰভাসৰ হাতত ‘কে ডি – দ্য ডেভিল’ ছবিখন আগবঢ়াইছে। সেই ছবিখনৰ বাবে প্ৰভাছে ১০০ কোটি মাচুল দাবী কৰিছে। ‘আদিপুৰুষ’ৰ চৰ্তৰ পিছত ১০০ কোটি টকাৰ বিনিময়ত ৰিস্ক ল’বলৈ মান্তি হ’বনে বিনিয়োগকাৰীসকলে? এতিয়া সেয়া জল্পনা-কল্পনা।

দক্ষিণৰ মনোৰঞ্জন জগতত তাৰকা হিচাপে নিজৰ স্থান দখল কৰিছে প্ৰভাছে। কেইবাখনো ছবিৰ বিফলতাৰ পিছতো তেওঁৰ ছবিৰ অফাৰৰ অভাৱ নাছিল। কিন্তু সমগ্ৰ দেশৰ বক্স অফিচত ধৰা পৰাৰ পিছত যদি প্ৰভাছে পাৰিশ্ৰমিকৰ পৰিমাণ দাবী কৰিছে তেন্তে তেওঁ দীৰ্ঘদিন ধৰি নিজৰ স্থান দখল কৰিবলৈ সক্ষম হ’বনে? প্ৰশ্ন উত্থাপন হয়।

Leave A Reply