Breaking

৪০০ বছৰীয়া পুৰণি মন্দিৰত সিদ্ধাৰ্থৰ সৈতে গোপনে বাগদান অদিতিৰ! গোপন এংগেজমেণ্টৰ আঁৰৰ কাহিনী জানক…

0 8

শেহতীয়াকৈ অভিনেত্ৰী অদিতি ৰাও হাইদাৰীয়ে তেলেংগানাত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক সিদ্ধাৰ্থৰ সৈতে বাগ্দান কৰিছিল। গোপন বিবাহৰ উৰাবাতৰিৰ মাজতে অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থই এংগেজমেণ্ট ৰিঙৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি অনুৰাগীক এই বিষয়ে অৱগত কৰে। এতিয়া শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এংগেজমেণ্টৰ স্থান আৰু এংগেজমেণ্টৰ খবৰ ৰাজহুৱা কৰাৰ কাৰণ প্ৰকাশ কৰিছে।

এক সাক্ষাৎকাৰত অদিতি ৰাও হাইদাৰীয়ে কয় যে, যি বিশেষ হ’বলৈ গৈ আছে, মই এটা বিশেষ স্থানৰ পৰা আৰম্ভ কৰিব লাগিছিল। সেইটো মোৰ পৰিয়ালৰ মন্দিৰ, যিটো ৪০০ বছৰ পুৰণি। তালৈ গৈ পূজা কৰিবলৈ মন গ’ল। একে সময়তে মই এটা সৰু এংগেজমেণ্ট কৰিলোঁ।” অদিতিয়ে ক’লে যে যেতিয়াই তেওঁৰ পৰিয়ালত বিশেষ কিবা এটা হয় তেতিয়াই তেওঁলোকে সেই ৪০০ বছৰীয়া মন্দিৰলৈ গৈ আশীৰ্বাদ বিচাৰে। সেয়েহে এংগেজমেণ্টৰ বাবেও একেটা মন্দিৰলৈ গৈছিল।

সিদ্ধাৰ্থৰ সৈতে সম্পৰ্ক কিয় আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলে সেই কথাও কয় অদিতিয়ে। অদিতি ৰাও হাইদাৰীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এংগেজমেণ্ট ফটো শ্বেয়াৰ কৰে। তেওঁ কয়, ‘আমি সেই সময়ত চলি থকা সকলো উৰাবাতৰি স্পষ্ট কৰিবলৈ এংগেজমেণ্ট ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলো। মাৰ অনুৰোধতে ৰাজহুৱা কৰিলো এংগেজমেণ্টৰ খবৰ।

অদিতি ৰাও হাইদাৰী আৰু তেলেগু অভিনেতা সিদ্ধাৰ্থৰ প্ৰথম লগ হৈছিল ২০২১ চনৰ ‘মহা সমুদ্ৰম’ ছবিৰ চেটত। ছবিখনে বিশেষ প্ৰশংসা লাভ নকৰিলে যদিও তেওঁলোকক একত্ৰিত কৰিলে। ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থৰ প্ৰেমত পৰাৰ খবৰ পোৱা গৈছে।

Leave A Reply