Breaking

আদিত্য, বৈভৱী আৰু নিতেশ, তিনিদিনত তিনিগৰাকী শ্ৰেষ্ঠ অভিনেতাৰ মৃত্যু, টিভি উদ্যোগত শোকৰ বন্যা…

0 105

আদিত্য, বৈভৱী আৰু এতিয়া নিতেশ, তিনিদিনত তিনিগৰাকী শ্ৰেষ্ঠ অভিনেতাৰ মৃত্যু, টিভি উদ্যোগত শোকৰ বন্যা।
আদিত্যৰ পিছত বৈভৱী আৰু নিতেশৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে। সোমবাৰে অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃত্যু হয়, বুধবাৰে অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ মৃত্যু আৰু কিছু ঘণ্টাৰ পিছত টিভি অভিনেতা নিতেশ পাণ্ডেৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে। বৰ্তমান টিভি উদ্যোগত শোক ছাঁ।

অভিনেতা, মডেল আদিত্য সিং ৰাজপুতৰ সোমবাৰে দেহাৱসান ঘটে। সন্দেহজনক পৰিস্থিতিত তেওঁৰ ঘৰৰ বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ হয়। আদিত্যৰ বয়স আছিল ৩২ বছৰ। ১৭ বছৰ বয়সৰ পৰাই তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল। স্প্লিটছভিলাৰ পৰা তেওঁ বহুত স্বীকৃতি লাভ কৰিছিল। আদিত্যৰ আকস্মিক মৃত্যুৱে সকলোকে আচৰিত কৰি তুলিছে। সম্প্ৰতি আৰক্ষীয়ে অভিনেতাজনৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে।

বুধবাৰে পুৱা ‘ছাৰা ভাই বনাম চাৰা ভাই’ ছবিখনত জেচমিনৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী বৈভৱ উপাধ্যায়ৰ মৃত্যুৰ খবৰ। হিমাচল প্ৰদেশত এক গাড়ী দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। বৈভৱীয়ে টিভি ধাৰাবাহিকত কাম কৰিছিল। ‘চি আই ডি’ আৰু আদালাতৰ দৰে টিভি শ্ব’ত অভিনয় কৰিছিল। বৈভৱীয়ে ২০২০ চনত দীপিকা পাডুকনে অভিনীত ছবি ‘ছাপাক’তো কাম কৰিছিল। ইয়াৰ উপৰিও নাছিৰুদ্দিন শ্বাহৰ সৈতে ৱেব ছিৰিজ জিৰ’ কে এম এছত অভিনয় কৰিছিল।

৫১ বছৰীয়া নিতেশৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। শ্বাহৰুখ খানৰ সৈতে ওম শান্তি ওম ছবিত নিতেশে তেওঁৰ সহায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। দাবাং ২কে ধৰি বহু ছবিত তেওঁক দেখা গৈছিল। আনহাতে নিতেশক শেষবাৰৰ বাবে সৰু পৰ্দাত দেখা গৈছিল ‘অনুপমা’ ধাৰাবাহিকখনত ধীৰাজৰ চৰিত্ৰত।

তিনিদিনত তিনিজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে টিভি উদ্যোগে।

Leave A Reply