Breaking

আধিগম শিক্ষা কেন্দ্ৰৰ উদ্যোগত প্ৰশাসনীয় কৰ্মশালা

0 1,070

প্ৰশাসনীয় বিষয়া হ’বলৈ হ’লে অধ্যৱসায় ,,একাণপতীয়া প্ৰচেষ্টা ,ধৈৰ্যৰ অতীৱ প্ৰয়োজন।প্ৰস্তুতি চলাইছে যেতিয়া পৰীক্ষাত বহিবলৈ মন বন্ধা ।শিক্ষাৰ্থীসকলক উদ্দেশ্যি হৰিশিঙা ৰাজহ চক্ৰ বিষয়া মনীষা নাথে কয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ হ’লে বাৰে বাৰে অকৃতকার্য হবলৈ ধৈৰ্য আৰু সাহসৰ অত্যন্ত প্ৰয়োজন।টংলাস্থিত চমুৱাপাৰা আধিগম শিক্ষা কেন্দ্ৰক এনেকুৱা এটি সুন্দৰ মহৎ প্ৰয়াস কৰা বাবে উচ্চ প্ৰশংসা কৰে। ওদালগুৰি জিলাৰ শিক্ষাৰ্থীসকলৰ বৌদ্ধিক ,শাৰীৰিক মানসিক বিকাশত প্ৰভূত অৰিহণা আগবঢ়োৱাৰ উদ্দেশ্যে লগতে থিয়েটাৰ ইন এডককেশ্যনৰ শিক্ষা প্ৰদান কৰি অহা শৈক্ষিক প্ৰতিষ্ঠানটোৱে পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীসকলক সৰ্ব ভাৰতীয় বা অসম অসামৰিক পৰীক্ষা সমূহত সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰে তাৰে এটা প্ৰয়াস হিচাপে আজি প্ৰশাসনীয় পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় এটি কেন্দ্ৰ শুভ উদ্বোধন কৰি এইদৰে কয় মনীষা নাথে ।শিক্ষা কেন্দ্ৰটোৰ অধ্যক্ষ জ্যোতিষ চন্দ্ৰ চৌধুৰী আৰু সঞ্চালক ,নাট্যকর্মী অৰূপজ্যোতি ৰাভাই আঁত ধৰা অনুষ্ঠানটিত গুৱাহাটীৰ পৰা আমন্ত্ৰিত প্ৰশিক্ষক অমনে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় বিভিন্ন দিশ ব্যাখ্যা কৰে ।

তেখেতৰ জ্ঞানগভীৰ আলোচনাত শিক্ষাৰ্থীসকল অনুপ্ৰেৰণা লাভ কৰা বুলি শিক্ষাৰ্থীসকলে জানিবলৈ দিয়ে।৩৫ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শুভ উদ্বোধন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক লাভ কৰি কৃতিত্বৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ৰাজজ্যোতি কছাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।

Leave A Reply