Breaking

‘আপোনাৰ লগত কথা পাতিবলৈ ভয় লাগে’ বিমান বন্দৰত ফটোগ্ৰাফাৰে এইদৰে ক’লে অভিনেত্ৰী কংগনা ৰাণাৱটক…

0 53

দেওবাৰে মুম্বাই বিমানবন্দৰত দেখা গ’ল বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটক। কংগনাই বগা ৰঙৰ শাৰী পিন্ধিছিল, য’ত কংগনাক অতি গ্লেমাৰাছ দেখা গৈছিল। বিমানবন্দৰত হোৱা কথা-বতৰাৰ পিছত কংগনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত যেতিয়া এজন ফটোগ্ৰাফাৰে কংগনাক কৈছিল যে আমি আপোনাৰ লগত কথা পাতিবলৈ ভয় কৰোঁ, তেতিয়া অভিনেত্ৰীগৰাকীয়ে অতি ধেমেলীয়াকৈ উত্তৰ দিছিল। কংগনাৰ এই সঁহাৰিৰ পিছত তেওঁৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। আচলতে দেওবাৰে বিয়লি মুম্বাই বিমানবন্দৰত দেখা দিছিল কংগনাক। বগা শাড়ীৰ লগতে কংগনাইও পিন্ধিছিল ধুনীয়া ধুনীয়া গহনা আৰু লগতে পিন্ধিছিল ছানগ্লাছ। এজন পাপাৰাজী ফটোগ্ৰাফাৰে কংগনাক ক’লে যে আপোনাৰ লগত কথা পাতিবলৈ বৰ ভয় লাগে, তেতিয়া কংগনাই কৈছিল যে যদি আপুনি বুদ্ধিমান তেন্তে আপুনি অভিনয় কৰিব লাগে।

কংগনাৰ এই ভাইৰেল ভিডিঅ’ৰ পিছত অনুৰাগীয়ে এই সঁহাৰিৰ তীব্ৰ প্ৰশংসা কৰিছে। এজন অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে সমগ্ৰ বলীউডে কংগনাক লৈ ভয় খাই। আনহাতে কংগনাক প্ৰশংসা কৰি আন এজন অনুৰাগীয়ে ক’লে যে কংগনাৰ কোনো উত্তৰ নাই, সকলোতকৈ পৃথক। ইয়াৰ বাহিৰেও বহুতে কংগনাই সঠিক উত্তৰ দিলে বুলি কয়। কংগনাক যোৱা বছৰ ঢাকাদ ছবিত দেখা গৈছিল। ইয়াৰ সমান্তৰালকৈ কংগনাকো এইবাৰ আৰু দুখন ছবিত দেখা যাব। একে সময়তে চন্দ্ৰমুখীৰ ছিকুৱেল লৈ কংগনাও তামিল চিনেমালৈ ঘূৰি আহিছে।


Leave A Reply