আশীষ বিদ্যাৰ্থীৰ দ্বিতীয় বিবাহৰ পিছত অভিনেতা গৰাকীৰ প্ৰথম পত্নী ৰাজোশী বৰুৱাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মনৰ অৱস্থা প্ৰকাশ কৰিছে। অভিনেতা আশীষ বিদ্যাৰ্থীয়ে দ্বিতীয়বাৰৰ বাবে ৬০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈছে। অনুৰাগীয়ে অভিনেতাজনক অভিনন্দন জনোৱাৰ বিপৰীতে আনফালে আশীষ বিদ্যাৰ্থীৰ প্ৰথম পত্নী ৰাজোশী বৰুৱাই ছ’চিয়েল মিডিয়াত এক ৰহস্যজনক পোষ্ট কৰিছে। ইনষ্টাগ্ৰামত আশীষ বিদ্যাৰ্থীৰ প্ৰথম পত্নীয়ে লিখিছে-

আশীষ বিদ্যাৰ্থীৰ প্ৰথম পত্নীয়ে এতিয়া তেওঁৰ ছচিয়েল মিডিয়াৰ পোষ্টটো ডিলিট কৰিছে, কিন্তু তেওঁৰ পোষ্টটোক লৈ চৌদিশে চৰ্চা আৰম্ভ হৈছে। আশীষ বিদ্যাৰ্থীয়ে ৬০ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ পোৱাৰ পিছত সকলোৱে জানিব বিচাৰিছে অভিনেতা গৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে। আশীষ বিদ্যাৰ্থীৰ প্ৰথম পত্নীৰ এটি ২৩ বছৰীয়া পুত্ৰ সন্তান আছে, যাৰ নাম অৰ্থ বিদ্যাৰ্থী। খবৰ অনুসৰি আশীষৰ দ্বিতীয় পত্নী গুৱাহাটীৰ, কলিকতাত এটা আপস্কেল ফেশ্বনৰ স্বতাধিকাৰী আশীষৰ দ্বিতীয় পত্নী ৰুপালী বৰুৱা।