Breaking

‘ভাৰত জোড়ো যাত্ৰা’ৰ পিছত এইবাৰ ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ‘ভাৰত ন্যায় যাত্ৰা’…

0 26

পুনৰ আন এক যাত্ৰাৰ বাবে সাজু হৈছে ৰাহুল গান্ধী। ‘ভাৰত জোড়ো যাত্ৰা’ৰ পিছত এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিব ‘ভাৰত ন্যায় যাত্ৰা’। ৰাহুলে প্ৰকাশ কৰা মতে মণিপুৰৰ পৰা মুম্বাইলৈ চলিব এই ‘ভাৰত ন্যায় যাত্ৰা’। ‘ভাৰত ন্যায় যাত্ৰা’ যাত্ৰা ১৪ জানুৱাৰীত আৰম্ভ হ’ব।এই যাত্ৰা ২০ মাৰ্চত অন্ত পৰিব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে বুধবাৰে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ৰাহুলে ৬৫ দিনীয়া যাত্ৰাত মুঠ ৬,২০০ কিলোমিটাৰ ভ্ৰমণ কৰিব। এই যাত্ৰাই ১৪ খন ৰাজ্য আৰু ৮৫ খন জিলা সামৰি ল’ব। ৰাহুলৰ যাত্ৰা কোনবোৰ ৰাজ্যলৈ যাব? ৰাহুলে এই যাত্ৰাৰ সময়ত মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ অতিক্ৰম কৰিব। বেণুগোপালে লগতে কয়, “এই যাত্ৰাৰ সময়ত ৰাহুলে মুখ্যতঃ যুৱ, মহিলা আৰু সমাজৰ একেবাৰে শেষৰ স্তৰৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব।”

কিন্তু এই যাত্ৰা আৰু ভাৰত জোড়ো যাত্ৰাৰ মাজত পাৰ্থক্য থাকিব। এইবাৰ যাত্ৰা খোজকাঢ়ি কৰা নহ’ব,মুখ্যতঃ বাছত উঠি কৰা হ’ব এই যাত্ৰা। ২০২২ চনৰ ৬ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে ১৫০ দিনত ৪,৫০০ কিলোমিটাৰ খোজকাঢ়িছিল।

Leave A Reply