Breaking

৯ দিন, ১২০০ কিলোমিটাৰ চাইকেল চলাই মুম্বাই পালেহি কাৰ্তিক আৰিয়ানৰ অনুৰাগী…

0 20

কাৰ্তিক আৰিয়ানক লগ কৰিবলৈ ৯ দিন ১২০০ কিলোমিটাৰ চাইকেল চলাইল আহিল এজন অনুৰাগীয়ে। এনে পৰিস্থিতিত অভিনেতাগৰাকীয়েও নিজৰ ইচ্ছা পূৰণ নোহোৱাকৈ থাকিব নিদি ঘৰৰ পৰা ওলাই আহি অনুৰাগীজনক লগ কৰে, যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বলীউডৰ যুৱ আৰু মনোমোহা অভিনেতা কাৰ্তিক আৰিয়ানে অভিনয়ৰ লগতে আচৰণেৰে অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰিছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়েও একেধৰণৰ কাম কৰিছে। কাৰ্তিকক লগ কৰিব বিচৰা এজন ব্যক্তিয়ে ঝাঁচীৰ পৰা মুম্বাইলৈ ১২০০ কিলোমিটাৰ যাত্ৰা ৯ দিনত সম্পূৰ্ণ কৰিছিল। চাইকেলেৰে চহৰৰ দূৰত্ব অতিক্ৰম কৰা এই অনুৰাগীৰ ইচ্ছাও অপূৰ্ণ হ’বলৈ নিদিলে কাৰ্তিক। অভিনেতাজনে নিজৰ ঘৰৰ পৰা ওলাই আহি অনুৰাগীজনক লগ কৰিলে আৰু লগতে তেওঁৰ সৈতে ফটো ক্লিক কৰিলে।


ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কাৰ্তিক আৰিয়ানৰ অনুৰাগীৰ ভিডিঅ’। ভিডিঅ’টোত কাৰ্তিক আৰিয়ানে ক’লা টি-চাৰ্ট আৰু নেভি ব্লু ট্ৰাউজাৰ পিন্ধি থকা দেখা গৈছে, আনহাতে তেওঁৰ লগত থিয় হৈ থকা ব্যক্তিজনেই হৈছে অনুৰাগী যিয়ে অভিনেতাজনক লগ কৰিবলৈ ঝান্সীৰ পৰা মুম্বাইলৈ চাইকেল চলাই আহিছে।

‘সত্যপ্ৰেম কি কথা’ত কিয়াৰা আদৱানীৰ সৈতে ৰূপালী পৰ্দাত শেষবাৰৰ বাবে দেখা গৈছিল কাৰ্তিক আৰিয়ানক। এতিয়া অভিনেতাগৰাকীক অতি সোনকালে ‘চান্দু চেম্পিয়ন’ৰ চৰিত্ৰত দেখা যাব। খবৰ অনুসৰি ‘চান্দু চেম্পিয়ন’ৰ পিছত কাৰ্তিকৰ বাকেট লিষ্টত আশিকী ৩ আৰু ভূল ভুলীয়াও আছে।


Leave A Reply