Breaking

ধোনিৰ পিছত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ঋষভ পন্ত…

0 98

চি এছ কেৰ অধিনায়কঃ ধোনীৰ পিছত ঋষভ পন্ত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হ’ব পাৰে বুলি আশা প্ৰকাশ কৰিছে ভাৰতীয় এজন প্ৰাক্তন উইকেটকীপাৰ বেটছমেনে। আই পি এলৰ সফল দল চেন্নাই ছুপাৰ কিংছক পাঁচবাৰকৈ আই পি এল খিতাপ দখল কৰি মহেন্দ্ৰ সিং ধোনিয়ে সৰ্বাধিক সফল কৰি তুলিছে। IPL 2008 ৰ পৰা IPL 2023 লৈকে প্ৰতিবাৰেই চেন্নাইৰ অধিনায়ক হিচাপে কাম কৰি আহিছে ধোনীয়ে। ২০২২ চনত ধোনিয়ে অধিনায়কৰ পদ ৰবীন্দ্ৰ জাডেজাক অৰ্পণ কৰিছিল যদিও সেয়া চেন্নাইৰ বাবে ভাল কাম কৰা নাছিল আৰু ছিজনৰ আধাতে ধোনিয়ে পুনৰ অধিনায়কৰ দায়িত্ব ল’বলগীয়া হৈছিল। এতিয়া ২০২৩ চনত পঞ্চমবাৰৰ বাবে চেন্নাইক বিজয়ী কৰি আইপিএল ২০২৪ত চেন্নাইৰ অধিনায়ক হিচাপে কাম কৰিবলৈ ওলাইছে যদিও সকলো অনুৰাগীৰ মনত প্ৰশ্নটো হ’ল ধোনীৰ পিছত চেন্নাইৰ অধিনায়ক কোন হ’ব?

এই প্ৰশ্নৰ কথা কওঁতে ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন দীপদাস গুপ্তাই দিছে এক অনন্য উত্তৰ। তেওঁৰ মতে ধোনিৰ পিছত ঋষভ পন্ত চেন্নাইৰ অধিনায়ক হ’ব পাৰে। দীপদাস গুপ্তাই টুইটাৰযোগে কয় যে আই পি এল ২০২৫ৰ ভিতৰত পন্তে যদি চেন্নাই দলত যোগদান কৰে তেন্তে আচৰিত হ’ব নালাগে। এম এছ ধোনী আৰু ঋষভ পন্ত বহুত ঘনিষ্ঠ। স্পষ্টভাৱে ঋষভে তেওঁক (ধোনী) বহুত ভাল পায় আৰু ধোণীয়েও পন্তক ভাল পায়। দুয়োজনে ইজনে সিজনৰ লগত বহু সময় কটাই, তেওঁলোকৰ চিন্তাধাৰাও বহুত মিল আছে।

দীপদাস গুপ্তাৰ এই বক্তব্য ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু অনুৰাগীসকলেও পন্তক হালধীয়া জাৰ্চি ড্ৰেছত কল্পনা কৰিবলৈ আৰম্ভ কৰিছে।



Leave A Reply