Breaking

স্নাতক হোৱাৰ পিছত চাকৰি নাই,নাই কইনা! এজন যুৱকে বিষণ্ণতাত ল’লে চৰম পদক্ষেপ

0 93

স্নাতক হোৱাৰ পিছতো তেওঁ কোনো চাকৰি নাপালে। চাকৰি নথকাৰ বাবে বিয়া পাতিব নোৱাৰিলে। ডিপ্ৰেছনৰ বাবে বৃহস্পতিবাৰে পুৱা এজন ৩৫ বছৰীয়া যুৱকে চৰম পন্থা গ্ৰহণ কৰে। কৰ্ণাটকৰ তেলেংগাৰা গাঁৱৰ ঘটনা এয়া।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম নাগৰাজ গণপতি গাওকাৰ। গাঁৱৰ বাহিৰত গছত ওলমি থকাৰ অৱস্থাত যুৱকজনক প্ৰত্যক্ষ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি নাগাৰাজে কেইবছৰমান পূৰ্বে স্নাতক ডিগ্ৰী লাভ কৰিছিল। বহুত চেষ্টা কৰিও চাকৰি নাপালে। তাৰ বাবে সি বিয়া কৰিব নোৱাৰিলে। নাগাৰাজৰ বিষণ্ণতাৰ কাৰণ সেইটোৱেই।

চাকৰি নোপোৱাকৈয়ে নাগাৰাজে খেতি কৰিবলৈ চেষ্টা কৰিলে। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। তাৰ বাবেই তেওঁ খেতিৰ কাম আৰু কৰিব নোৱাৰিলে।

বৃহস্পতিবাৰে পুৱা গাঁৱৰ সমীপৰ এটা পাহাৰলৈ গৈ এই পথ বাছি লয় যুৱকজনে । তথ্য লাভ কৰাৰ পিছতে য়াল্লাপুৰা আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।

Leave A Reply