Breaking

নৱ শৰণীয়াৰ পিছত এইবাৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে জিএচপি দলৰ নেতা, পাৰিষদ তথা বৰ্তমানৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ঘনশ্যাম দাসৰ বিৰুদ্ধে…

0 29

নৱ শৰণীয়াৰ পিছত এইবাৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে জিএচপি দলৰ নেতা, পাৰিষদ তথা বৰ্তমানৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ঘনশ্যাম দাসৰ বিৰুদ্ধে ।ঘনশ্যাম দাস হৈছে বিটিচিৰ বাক্সা জিলাৰ অন্তৰ্গত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ পাৰিষদ । কিন্তু তেওঁ এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ।ঘনশ্যাম দাসে ২০১৫ বৰ্ষত অবড়ো সুৰক্ষা সমিতিৰ প্ৰাৰ্থী হৈ বিটিচিৰ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰাৰ বিপৰীতে ২০২০ চনত পুনৰবাৰ গণ সুৰক্ষা পাৰ্টীৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াই জয়লাভ কৰিবলৈ সক্ষম হৈছিল ।

ঘণশ্যাম দাসে ২০২০ বৰ্ষত নিৰ্বাচিত হৈয়ে ৰাতিটোৰ ভিতৰতে লিলি হোটেলত ইউপিপিএল দলত চামিল হৈ বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য পদ লাভ কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে চলিত বৰ্ষতে যোৱা ৬ এপ্ৰিল তাৰিখে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰে আকস্মিকভাৱে‌ ঘনশ্যাম দাসৰ ই এম পদবী কৰ্তন কৰে । আৰু তাৰ লগে লগেই ঘনশ্যাম দাসে ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত আগবঢ়ায় ।কিন্তু লক্ষ্যনীয় কথাটো হ’ল বৰ্তমানৰ বিটিচিৰ পাৰিষদ ঘনশ্যাম দাসে ২০২০ চনত পৰিষদীয় নিৰ্বাচনত যেতিয়া প্ৰতিদ্বন্দিতা আগবঢ়াইছিল তেতিয়া তেওঁ শপতনামাত উল্লেখ কৰিছিল যে তেওঁ বৰমা হাইস্কুলৰ পৰা ১৯৮০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।

কিন্তু সেই একেজন ব্যক্তিয়ে ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ শপতনামাত উল্লেখ কৰিছে যে তেওঁ ১৯৮০ চনত বানীমন্দিৰ হাইস্কুল ছৰাইমাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে । এয়া কেনেকৈ সম্ভৱ ! এজন ব্যক্তিয়ে একেটা বৰ্ষতে দুখন বেলেগ বেলেগ শিক্ষানুষ্ঠানৰ পৰা কেনেকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ’ব পাৰে ! এয়া জালিয়াতি নহয়নে ? এতিয়া বিষয়টো নিৰ্বাচন আয়োগে কিদৰে বিবেচনা কৰে সেয়াহে হ’ব পৰবৰ্তী সময়ত লক্ষণীয় ।

Leave A Reply