Breaking

নগাঁৱৰ পাচতি ভাওনাই সন্মোহিত কৰিলে অজস্ৰ দৰ্শকক…

0 77

পূৰ্বৰ দৰে এইবাৰো যোৱা ১১ ছেপ্টেম্বৰত নগাঁও চহৰৰ আমোলাপট্টি নামঘৰত এখনি পাচতি ভাওনা অনুষ্ঠিত হয়। বিশিষ্ট নাট্যশিল্পী, লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গুণদা গোস্বামীয়ে নাট্যৰূপ আৰু পৰিচালনা কৰা ভাওনাখনিত একুৰিৰো অধিক মহিলা শিল্পীয়ে অভিনয় কৰে। অজস্ৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত এই ভাওনাৰ সূত্ৰধাৰ আছিল ছায়া শৰ্মা। ভাওনাখনিত নন্দৰজাৰ চৰিত্ৰত নিৰ্মালী‌ দেৱী, গৰ্গ ঋষিৰ চৰিত্ৰত সুপ্ৰভা দেৱী, পুতনাৰ ৰূপত ৰাণী শৰ্মা, মোহিনীৰ চৰিত্ৰত কণমানি দেইজী গোস্বামী,


যশোদাৰ চৰিত্ৰত অমৃতা শৰ্মা, ৰোহিনীৰ চৰিত্ৰত ৰাণী শৰ্মা, শিশু কৃষ্ণৰ চৰিত্ৰত ৰ’দ শৰ্মা, ৰং শৰ্মা, বলোভদ্ৰৰ চৰিত্ৰত শিশু অথৰ্ব বেজবৰুৱা, গোৱালীৰ চৰিত্ৰত অনিমা ভট্টাচাৰ্য, ইৰা ভট্টাচাৰ্য আদিয়ে সুন্দৰ অভিনয়েৰে সকলোকে আপ্লুত কৰে। জ্যেষ্ঠা নামতি অম্বিকা গোস্বামীৰ অনুপস্থিতিত মীৰা শৰ্মাই পাচতি নাম ধৰে আৰু আৰতি শৰ্মা, লুকু ভট্টাচাৰ্য, লাৱণ্য বেজবৰুৱা, নিৰু দেৱী, ৰুণু দেৱী, কমলেশ্বৰী শৰ্মা, তিলোত্তমা বৰঠাকুৰ লগতে আন কেইবাগৰাকীয়ে সহযোগ কৰে।

সংগীতত অংশগ্ৰহণকাৰী সকল হ’ল– গুণদা গোস্বামী, মঞ্জু বৰঠাকুৰ, ইৰা বৰঠাকুৰ আৰু সবিতা ভট্টাচাৰ্য্য। বাদ্যত সংগত কৰে টিকেন শৰ্মাই। গোৱালী সবৰ নৃত্যত অংশগ্ৰহণ কৰে সমাজৰ একাংশ মহিলাই। পাচতি ভাওনাখনিৰ অন্তত দীপা কটকী, মাখনি কটকী, গোপিনী সমাজৰ সভানেত্ৰী বীণা শৰ্মা, অম্বি শৰ্মা আদিয়ে শিল্পী সকলক উৎসাহিত কৰে।

Leave A Reply