Breaking

শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মন্ত্ৰীসহ ১৮ গৰাকীয়ে…

0 70

নেপালৰ শোকাৱহ বিমান দুৰ্ঘটনাই বিশ্বজুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নাযাওঁতেই আন এক ভয়াৱহ বিমান দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ এই দুৰ্ঘটনা সংঘটিত হৈছে ইউক্ৰেইনত। আজি ৰাজধানী কিয়েভৰ পৰা কিছু দূৰত্বৰ ব্ৰ’ভাৰী চহৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত ইউক্ৰেইনৰ গৃহ মন্ত্ৰীৰ লগতে তিনি শিশুসহ ১৮ গৰাকী লোক নিহত হয়।

যাত্ৰীবাহী হেলিকপ্টাৰখনে ব্ৰ’ভাৰী চহৰৰ এক শিশুৰ প্ৰাক্ প্ৰাথমিক শিক্ষানুষ্ঠান আৰু এটা আৱাসিক অট্টালিকাৰ কাষতে খুন্দা মৰাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কিছু ফুটেজত এই ভয়াৱহ দুৰ্ঘটনাৰ পাছৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে।

ইউক্ৰেইনৰ আৰক্ষী সেৱাৰ মুৰব্বী ইগ’ৰ ক্লাইমেংকোৱে এক বিবৃতিত কয় যে ব্ৰ’ভাৰীত ৰাজ্যিক জৰুৰীকালীন সেৱাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাৰ ফলত গৃহ মন্ত্ৰালয়ৰ দায়িত্বত থকা ডেনিছ মনাষ্টিৰ্স্কিৰ মৃত্যু হয়।

ইগ’ৰ ক্লাইমেংকোৱে সদৰী কৰা মতে গৃহ মন্ত্ৰী ডেনিছ মনাষ্টিৰ্স্কি আৰু তেওঁৰ প্ৰথম উপ-গৃহমন্ত্ৰী য়েভগেনি য়েনিন দুয়োৰে মৃত্যু হয়। আনহাতে কিয়েভৰ গৱৰ্ণৰ অলেক্সি কুলেবাই এই দুৰ্ঘটনাত তিনি শিশুসহ ১৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে।

তেওঁ লগতে কয় যে দুৰ্ঘটনাত ১৫ টি শিশুসহ ২৯ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক প্ৰয়োজনীয় সকলো চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। জৰুৰীকালীন সেৱা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৪২ বৰ্ষীয় ডেনিছ মনাষ্টিৰ্স্কিয়ে ২০২১ চনৰ জুলাই মাহৰ পৰা ইউক্ৰেইনৰ গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লডিমিৰ জেলেনস্কিৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ সদস্য আছিল মনাষ্টিৰ্স্কি।

Leave A Reply