Breaking

বিবাহ বিচ্ছেদৰ পিছত নাগা চৈতন্যই প্ৰাক্তন পত্নী সামান্থাক প্ৰশংসা কৰি ক’লে – ‘তাই সকলো সুখৰে যোগ্য’…

0 104

সামান্থাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত নগা চৈতন্যই প্ৰাক্তন পত্নীক প্ৰথমবাৰৰ বাবে প্ৰসংসা কৰিছে। তেওঁ কয় যে সামান্থা সকলোৰ সুখৰে যোগ্য। এই প্ৰাক্তন দম্পতীহালে ২০১০ চনত গৌতম বাসুদেৱ মেননৰ ছবি ‘মায়া চেছাভে’ৰ সময়ত ইজনে সিজনৰ প্ৰেমত পৰিছিল, তাৰ পিছত ২০১৭ চনত দুয়োৰে বিবাহ হৈছিল। কিন্তু নগা চৈতন্য আৰু সামান্থাৰ বিবাহ ২০২১ চনত বিচ্ছেদ হয়। বৰ্তমান নগা চৈতন্যই নিজৰ তেলেগু চলচ্চিত্ৰ কেৰিয়াৰত মনোনিৱেশ কৰাৰ বিপৰীতে সামান্থা এতিয়া অ’টিটি স্পেচ আৰু বলীউডত ব্যস্ত। এই সকলোবোৰৰ মাজতে শেহতীয়া সাক্ষাৎকাৰত নাগাই প্ৰাক্তন পত্নী সামন্তাক প্ৰশংসা কৰে। শেহতীয়া এক সাক্ষাৎকাৰত নগা চৈতন্যই প্ৰাক্তন পত্নী সামন্থা ৰুথ প্ৰভুক প্ৰশংসা কৰে। যাৰ বাবে তেওঁৰ অনুৰাগী আৰু নেটিজেনসকলো আচৰিত হৈছিল। অভিনেতাজনে কয়, “হয়, আমাৰ বিচ্ছেদ হোৱা দুবছৰতকৈও অধিক হ’ল আৰু আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হোৱা এবছৰ হ’ল। আদালতে আমাক বিবাহ বিচ্ছেদ দিছে। আমি দুয়ো জীৱনত আগবাঢ়িছো। মোৰ জীৱনৰ সেই পৰ্যায়টো।” তেওঁৰ প্ৰতি মোৰ বহুত সন্মান আছে।”


ইফালে নগা চৈতন্যই প্ৰাক্তন পত্নী সামান্থাক প্ৰশংসা কৰি কয়, “সামান্থা এগৰাকী মৰমলগা ব্যক্তি আৰু সকলো সুখৰ যোগ্য।” শেহতীয়াকৈ মুক্তি পোৱা এমাজন প্ৰাইম ছিৰিজ ‘চিটাডেল’ৰ ভাৰতীয় সংস্কৰণত দেখা যাব সামান্থা ৰুথ প্ৰভুক। ‘দ্য ফেমিলি মেন’ৰ যুটি ৰাজ আৰু ডি কেৰ প্ৰযোজনাত বৰুণ ধাৱনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জানিব পৰা মতে, আয়ুষ্মান খুৰানাৰ সৈতে আগন্তুক হৰৰ কমেডীৰ বাবে কাম কৰি আছে সামান্থাই। তেলেগু ভাষাত তেওঁক বিজয় দেৱেৰাকোণ্ডাৰ বিপৰীতে ‘কুছি’ ছবিত দেখা যাব।

আনহাতে নগা চৈতন্যই বলীউডত অভিষেক ঘটোৱা ‘লাল সিং চাদ্ধা’ আৰু তেলেগু ছবি ‘থেংক ইউ’ৰ বেক টু বেক ব্যৰ্থতাৰে কেৰিয়াৰৰ কঠিন পৰ্যায়ৰ মাজেৰে পাৰ কৰি আহিছে। অৱশ্যে এতিয়া তেওঁ ভেংকট প্ৰভুৰ আগন্তুক কপ নাটক ‘কাষ্টডি’ৰ জৰিয়তে পুনৰ ঘূৰি আহিবলৈ সাজু হৈছে। এই ছবিখন অহা ১২ মে’ত মুক্তি লাভ কৰিব।

Leave A Reply