Breaking

আমেৰিকা, অষ্ট্ৰেলিয়াৰ পিছতে ছৌদি আৰবে পাকিস্তানত থকা নিজৰ নাগৰিকক অপ্ৰয়োজনীয় চলাচল বন্ধ কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে

0 19

পাকিস্তানত নিজৰ নাগৰিকৰ অপ্ৰয়োজনীয় চলাচল বন্ধ কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে ছৌদি আৰবে!
আমেৰিকাৰ পিছত অষ্ট্ৰেলিয়া, এতিয়া এই দেশখনে পাকিস্তানত থকা নিজৰ নাগৰিকসকলৰ বাবে পৰামৰ্শ জাৰি কৰিলে, সাৱধান হ’বলৈ ক’লে-পাকিস্তান সন্ত্ৰাসবাদৰ নতুন যুগৰ সন্মুখীন হৈছে যাৰ ফলত বহু সেনা বিষয়া আৰু সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। দেওবাৰে পাকিস্তানৰ বেলুচিস্তানত কমেও ৭টা বিস্ফোৰণে জোকাৰি যায় আৰু ৫জন সেনা জোৱান নিহত হোৱাৰ লগতে ১৯জন আহত হয়।দক্ষিণ এছিয়াৰ দেশখনত দেওবাৰে সংঘটিত কেইবাটাও বিস্ফোৰণৰ পিছত সোমবাৰে ছৌদি আৰবে নিজৰ নাগৰিকসকলক পাকিস্তানত অপ্ৰয়োজনীয় গতিবিধি বন্ধ কৰিবলৈ পৰামৰ্শ জাৰি কৰি সকলো ধৰণে সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিয়ে। জাৰি কৰা পৰামৰ্শত দেশত বাস কৰা নাগৰিকসকলক মহানগৰীৰ ভিতৰত যাত্ৰা সীমিত কৰিবলৈ আৰু ইছলামবাগৰ পাঁচ তাৰকাযুক্ত হোটেল ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে কাৰণ সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱ্য ভাবুকি আছে।

ৰাজধানী ইছলামবাদৰ কৰ্তৃপক্ষই নিৰাপত্তাৰ সতৰ্কতা সৰ্বোচ্চ পৰ্যায়লৈ উন্নীত কৰাটো লক্ষ্য কৰি পৰামৰ্শদাতাখনে কয় যে, ‘দুটা পবিত্ৰ মছজিদৰ ৰক্ষকৰ দূতাবাসে পাকিস্তানত বাস কৰা আৰু ভ্ৰমণ কৰা সকলো নাগৰিককে সতৰ্ক কৰি দিব বিচাৰে।

অষ্ট্ৰেলিয়া, আমেৰিকাইও নিজৰ নাগৰিকক সকীয়াই দিয়ে
ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াইও সোমবাৰে পাকিস্তানত থকা নাগৰিকসকলৰ বাবে নতুন ভ্ৰমণ পৰামৰ্শ জাৰি কৰি চহৰখনৰ ভিতৰত সাৱধানতা অৱলম্বন কৰি ভ্ৰমণ সীমিত কৰিবলৈ আহ্বান জনায়।

Leave A Reply