Breaking

”Emergency” চোৱাৰ পাছত কোনেও প্ৰধানমন্ত্ৰী হিচাপে নিবিচাৰিব মোকঃ অভিনেত্ৰী কংগনা ৰাণাৱট…

0 27

”Emergency” ছবিখন চোৱাৰ পাছত কোনেও মোক প্ৰধানমন্ত্ৰী হিচাপে নিবিচাৰিব’। এই মন্তব্য অভিনেত্ৰী কংগনা ৰাণাৱটৰ। বাস্তৱ জীৱনত প্ৰধানমন্ত্ৰী হ’ব বিচাৰে নেকি বুলি সোধা প্ৰশ্নৰ প্ৰত্যুত্তৰ অভিনেত্ৰী কংগনা ৰাণাৱটে এইদৰে কয়।

দ্য চাইলেণ্ট জেনোচাইড অৱ হায়দৰাবাদৰ ট্ৰেইলাৰ লঞ্চ ইভেণ্টত অভিনেতাগৰাকীক সোধা হৈছিল যে তেওঁ কেতিয়াবা দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ কথা ভাবিছে নেকি? কংগনাই হাঁহি হাঁহি ক’লে, “মই মাত্ৰ ইমাৰ্জেন্সি নামৰ এখন ছবি কৰিলোঁ। সেই চিনেমাখন চোৱাৰ পিছত মোক প্ৰধানমন্ত্ৰী হিচাপে কোনেও নিবিচাৰিব,”যোৱা বছৰৰ আৰম্ভণিতে কংগনাই ৰাজনীতিত যোগদানৰ সন্দৰ্ভত নিজৰ আৱেগ শ্বেয়াৰ কৰি কয় যে তেওঁ প্ৰকৃততে এজন… ৰাজনৈতিক ব্যক্তি। ‘মই এজন সংবেদনশীল ব্যক্তি। মই কোনো ৰাজনৈতিক ব্যক্তি নহয়। মোক বহুবাৰ ৰাজনীতিত যোগদান কৰিবলৈ কোৱা হৈছিল। মই কৰা নাছিলো।’

Leave A Reply