Breaking

১০-১৫ মিনিট ‘বাৰ্বি’ ছবি উপভোগ কৰি ছবিগৃহৰ পৰা সন্তানকলৈ ওলাই আহিল অভিভাৱক! ছবিখনৰ বিষয়বস্তু ১৩ বছৰৰ তলৰ শিশুৰ বাবে উপযোগী নহয় নেকি…

0 63

১০-১৫ মিনিট ‘বাৰ্বি’ ছবি উপভোগ কৰি ছবিগৃহৰ পৰা সন্তানকলৈ ওলাই আহিল অভিভাৱক! ছবিখনৰ বিষয়বস্তু ১৩ বছৰৰ তলৰ শিশুৰ বাবে উপযোগী নহয় নেকি। বৰ্তমান ছবিগৃহত চলি আছে ‘বাৰ্বি’ ছবিখন। সামাজিক মাধ্যমৰ এটা পোষ্ট চৰ্চালৈ আহিছে। এই পোষ্টটো জুহী পৰমাৰ। জুহী পৰমাই ছবিখন আৰম্ভ হোৱাৰ মাত্ৰ ১০-১৫ মিনিটৰ পিছতে তেওঁ নিজৰ কন্যাৰ সৈতে ছবিগৃহৰ পৰা ওলাই আহে। বিখ্যাত টিভি অভিনেত্ৰী জুহি পাৰমাৰৰ দীঘলীয়া এই পোষ্টটোৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।

এই পোষ্টটোত জুহি পৰমাৰে কয় যে তেওঁ নিজৰ ১০ বছৰীয়া কন্যাক লৈ গৈছিল ‘বাৰ্বি’ ছবিখন চাবলৈ। কিন্তু ১৫ মিনিটৰ পিছতে অভিনেত্ৰীগৰাকীয়ে কন্য়াকলৈ ছবিগৃহৰ পৰা ওলাই আহে। এটা পোষ্টত অভিনেত্ৰীগৰাকীয়ে ‘বাৰ্বি’ ছবি নিৰ্মাতাসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ লগতে ছবিখনত ব্যৱহৃত অশ্লীল ভাষা আৰু যৌন সম্পৰ্কেও উত্তেজিত কৰিছে বুলি কয়।

জুহি পৰমাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই পোষ্টটো কিছু মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘আজি মই যিখিনি শ্বেয়াৰ কৰিছো, বহুতে ইয়াকলৈ সুখী নহ’ব আৰু কিছুমান মানুহৰ খঙও উঠিব পাৰে।’ কিন্তু মই এজন অভিভাৱক হিচাপে এই কথা শ্বেয়াৰ কৰিছো। মোক ভুল নুবুজিব।

জুহীয়ে আৰু লিখিছে- ‘চিনেমা আৰম্ভ হোৱাৰ মাত্ৰ ১০-১৫ মিনিট পিছতেই মই মোৰ ছোৱালীজনীক তাৰ পৰা লৈ আহিলোঁ৷ ইতিমধ্যে কিছুমান অভিভাৱক সন্তানৰ সৈতে ওলাই আহিছিল, সন্তানেও কান্দিছিল। মই সুখী যে মই এই ছবিখন মাজ বাটতে এৰি থৈ আহিলোঁ। এই ছবিখন ভাষা আৰু বিষয়বস্তুৰ বাবে ১৩ বছৰৰ তলৰ শিশুৰ বাবে উপযোগী নহয় বুলি কয় অভিনেত্ৰীগৰাকীয়ে।

Leave A Reply