Breaking

বছৰ বছৰৰ পিছত পুনৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে অক্ষয় কুমাৰে…

0 68

বছৰ বছৰৰ পিছত পুনৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে অক্ষয় কুমাৰে। ১৫ আগষ্টৰ দিনটোতয়ে খিলাদি কুমাৰৰ বাবে ভাল খবৰ। তেওঁ পুনৰ ভাৰতৰ নাগৰিকত্বও লাভ কৰিছে। অক্ষয় কুমাৰে ছ’চিয়েল মিডিয়াত এখন ফটোৰ সৈতে এই তথ্য দিয়s। এই ফটোখনত অক্ষয় কুমাৰে ভাৰতীয় নাগৰিকত্ব লাভৰ কাগজ-পত্ৰ দেখুৱাই থকা দেখা গৈছে। অক্ষয় কুমাৰৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।


এই ভাল খবৰটো দি অক্ষয় কুমাৰে শ্বেয়াৰ কৰিছে এখন ফটো। এই ফটোখনত অক্ষয়ে নাগৰিকত্ব লাভৰ বাবে ভাৰত চৰকাৰৰ পৰা পোৱা কাগজ-পত্ৰ দেখুৱাইছে। লগতে দেশবাসীক ১৫ আগষ্টৰ শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় নাগৰিকত্ব নথকাৰ বাবে অক্ষয় কুমাৰক বহুবাৰ ট্ৰ’ল কৰা হৈছিল। এক সাক্ষাৎকাৰত অক্ষয় কুমাৰে বহুবাৰ নাগৰিকত্ব ত্যাগ কৰাৰ কাৰণ প্ৰকাশ কৰিছিল। অক্ষয়ে সাক্ষাৎকাৰত কৈছিল- ‘কিছু বছৰ আগতে যেতিয়া মোৰ ছবিবোৰে ভাল ফলাফল লাভ কৰা নাছিল। প্ৰায় ১৪ৰ পৰা ১৫খন ছবি ফ্লপ হৈছিল। তেতিয়া মই ভাবিলোঁ যে মই আন ঠাইলৈ গৈ কাম কৰিব লাগিব। মোৰ বন্ধুজন কানাডাত বাস কৰিছিল আৰু তেওঁ মোক কানাডালৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছিল। বহুতে কামৰ বাবে তালৈ যায়, মইও গৈছিলোঁ ৷ তাতে নাগৰিকত্বৰ বাবে আৱেদন কৰিলোঁ আৰু নাগৰিকত্ব লাভ কৰিলোঁ৷ এইদৰে মন্তব্য কৰে অক্ষয় কুমাৰে।

১৯৯০ চনত অৰ্থাৎ ৩৩ বছৰ পূৰ্বে অক্ষয় কুমাৰে ভাৰতৰ নাগৰিকত্ব এৰি কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। কিন্তু এতিয়া তেওঁ পুনৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে।


Leave A Reply