Breaking

পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ উকমুকনি

0 2,248

ৰাজ্যত পুনৰ “কা” বিৰোধী আন্দোলনৰ উকমুকনি। এইবাৰ আমগুৰিত “নাগৰিকত্ব সংশোধনী আইন” বাতিল কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ চাৰিআলিত কৃষক মুক্তি  সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী গ’ বেক, নৰেন্দ্ৰ মোদীৰ কাম নাই, আব্বাছ নকভিৰ কাম নাই, বিজেপিৰ কাম নাই, বিজেপি হুচিয়াৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হুচিয়াৰ, হিমন্ত বিশ্ব গ বেক, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অসমত বিদেশী সংস্হাপন কৰিবলৈ দিয়া নহব আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।প্ৰতিবাদস্থলীৰ পৰাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দি কয় বিজেপি চৰকাৰ খনে অসমত জোৰদবস্থ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশী জাপি দিব বিচাৰিছে। অসমীয়াই স্বতঃস্ফূৰ্ত ভাবে ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰি জাতি বিৰোধী ‘কা’ বাতিল কৰিব লাগিব বুলি বাৰে বাৰে জনাই দিয়াৰ পিছটো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ খনে অসমীয়াৰ আন্দোলনক ভেঙুচালি কৰিছে। বিজেপি চৰকাৰ খনে অসমৰ পাঁচজনকৈ তেজাল যুৱকক হত্যা কৰি কেৱল অসমীয়াৰ আন্দোলনটোক বিপথে পৰিচালিত কৰিলে। পুনৰ জাতিবিৰোধী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ জনতাক একত্ৰিত কৰি পুনৰ ৰাজপথত উত্তাল প্ৰৰিবাদ সাব্যস্ত কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি  চৰকাৰক সকীয়াই দিয়ে। এইবাৰ চৰকাৰৰ দ্বাৰা পৰিচালিত কোনো অপশক্তিয়ে ‘কা’ বিৰোধী আন্দোলনটোক ৰাজপথৰ পৰা খেলপথাৰলৈ নিবলৈ চেষ্টা কৰিব নোৱাৰিব বুলিও কয়। লগতে নাচগানৰ জৰিয়তেও আন্দোলনটোক বিপথে পৰিচালিত কৰিবলৈ নিদিবলৈ অসমৰ জনতাক আহ্বান জনায়। কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী আব্বাছ নকভিৰকো সকীয়াই দিয়ে অসমত অসমীয়াৰ গাত শেষ টোপাল তেজ থকা লৈকে নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য হবলৈ নিদিয়ে বুলি আমগুৰি নগৰ চাৰিআলিৰ পৰা জনাই দিয়ে।  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিজেপি নেতৃত্বাধীন সকলো বিধায়কক দিল্লীলৈ নি কেৱল মাত্ৰ ভোজভাতৰ মেল পাতি অসমত ‘কা’ প্ৰযোজ্য কৰাৰ সিদ্ধান্ত যে লৈ আহিছে সেইয়া অসমৰ জনতাই বুজি পাইছে বুলি কোৱাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰক তেল মৰা এই সপোন সফল নহব বুলি জনাই দিয়ে। লগতে অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আপোচবিহীন সংগ্ৰামৰ বাবে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে এইয়া কেৱল মাত্ৰ আৰম্ভণি, পাঁচজন শ্বহীদৰ তেজক অসমীয়াই অথলে যাবলৈ নিদিয়ে বুলি চৰকাৰ খনক জনাই দিয়ে। প্ৰতিবাদস্থলীত কৃষক মুক্তিৰ শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভাপতি দুলু হাজৰিকা, যোৰহাট জিলাৰ অম্লান গগৈ, ৰুবুল বৰুৱা, ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভাপতি পল্লব শইকীয়া, সম্পাদক সীমান্ত গগৈ, আমগুৰি আঞ্চলিক ৰবীন হাজৰিকা, ৰণটো শইকীয়া, বৰাহী বাৰী আঞ্চলিকৰ দেৱৰাজ তামুলী, আদিত্য গগৈ,কল্যান গগৈ, দ্বীপজ্যোতি গগৈ উপস্থিত থাকে।

Leave A Reply