Breaking

অগ্নিগৰ্ভা মণিপুৰ ! মণিপুৰৰ হিংসাত মৃত্যুৰ সংখ্যা ৬০, ১৭০০ ঘৰ জ্বলিল: মুখ্যমন্ত্ৰী

0 94

মণিপুৰৰ হিংসাত মৃত্যুৰ সংখ্যা ৬০, ১৭০০ ঘৰ জ্বলিল: মুখ্যমন্ত্ৰী! ৰাজ্যৰ কেবিনেটে মৃতকৰ পৰিয়ালক ৫ লাখ টকা, আঘাতপ্ৰাপ্ত সকলক ২ লাখ আৰু সামান্য আঘাতপ্ৰাপ্ত সকলক ২৫ হাজাৰ টকাৰ এক্স গ্ৰেচিয়া প্ৰদানৰ সংকল্প গ্ৰহণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সোমবাৰে কয় যে বিগত কেইদিনমান ধৰি উত্তৰ-পূবৰ ৰাজ্যখন কঁপাই থকা জনগোষ্ঠীয় হিংসাত ৬০ জন লোক নিহত, ২৩১ জন আহত আৰু ধৰ্মীয় স্থানকে ধৰি ১৭০০ ঘৰ জ্বলি গৈছে।

সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ কেবিনেটে মৃতকৰ পৰিয়ালক ৫ লাখ টকা, আঘাত পোৱা লোকক ২ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকক ২৫ হাজাৰ টকাৰ সাহাৰ্য দিয়াৰ সংকল্প লৈছোঁ৷

Leave A Reply