Breaking

লাহৰীঘাটত অগপ বিধান পৰিষদ সমিতৰ সংবাদমেল

0 2,041

বৃহস্পতি বাৰে বিয়লি মৰিগাঁও জিলাৰ লাহৰীঘাটত অগপ দলৰ বিধান পৰিষদৰ অস্থায়ী কাৰ্যালয়ত  নতুনকৈ অনুমোদন পোৱা বিধান পৰিষদ সমিতিৰ তৰফৰ পৰা এখনি সংবাদ মেল অনুষ্ঠিত কৰা হয়। সংবাদ মেলত কেন্দ্রীয় সাধাৰণ পৰিষদৰ সদস্য সাহজাহান আহমেদ, নব গঠিত লাহৰীঘাট বিধান পৰিষদৰ সভাপতি ৰাজেন বৰা, উপ সভাপতি তিলক চন্দ্র ডেকা, সম্পাদকদ্বয় মিৰাজ আলী মেহদী, ফৰিদুদ জামান, সাংগঠনিক সম্পাদক ৰমেন চন্দ্র বসুমতাৰী, সহ সম্পাদক আবুল ৰাশিদ, কাৰ্যালয় সম্পাদক শ্বহিদুল ইছলামৰ  লগতে দলীয় বহু কৰ্মী সকল উপস্থিত আছিল। উল্লেখ্য যে নব গঠিত বিধান পৰিষদৰ নতুন সমিতিত মুঠ ৬৪ জনীয়া সদস্যক লই সমিতিক অনুমোদন দিয়ে বুলি সংবাদ মেলত প্ৰকাশ কৰে সভাপতি আৰু সম্পাদকে।

Leave A Reply