Breaking

আমগুৰিত অগপ দলৰ বিষয়ববীয়া সদস্যৰ সামূহিক পদত্যাগ…

0 70

আমগুৰিত অগপ দলৰ বিষয়ববীয়া সদস্যৰ সামূহিক পদত্যাগ। দলৰ কেন্দ্ৰীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে বিষেদগাৰ আমগুৰিৰ দলীয় কৰ্মীৰ। ভাৰতীয় নিৰ্বাচনী আয়োগে অসমৰ বিধানসভা সমষ্টিৰ পুনঃনিৰ্ধাৰনৰ চুড়ান্ত তালিকা ঘোষণা কৰাৰ পিছত আমগুৰি পৰিবেশ উত্তপ্ত হৈ পৰিছে। ঐতিহাসিক আমগুৰি সমষ্টি বিলুপ্তিসাধনৰ বিৰুদ্ধে দিনৰ ভাগত বিভিন্ন দ’ল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ১৪ আগষ্টত পুৱা পাঁচ বজাৰ পৰা বিয়লি পাঁচ বজালৈ বাৰ ঘন্টীয়া “আমগুৰি সমষ্টি বন্ধ” ঘোষণা কৰিছে।

বিয়লি বিধায়ক প্ৰদীপ হাজৰিকাই দলীয় দ্বায়িত্ব আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰাৰ পিছত বিধায়কজনৰ বাসগৃহত দলীয় ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত শিৱসাগৰ জিলা অগপ আৰু আমগুৰি বিধান পৰিষদৰ সামূহিক ভাবে দলত্যাগ কৰে। দলীয় নেতৃত্ব বিশেষভাৱে দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ প্ৰৰোচনাত পৰি উজনি অসমত অগপৰ দুৰ্গ স্বৰূপ আমগুৰি সমষ্টিৰ বিলুপ্তিসাধনত হ’বলৈ পালে বুলি সকলোৱে একেমুখে অভিযোগ উত্থাপন কৰে। ছাব্বিশৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি দৃঢ় মত পোষণ কৰে। উজনি অসমত আঞ্চলিকতাবাদৰ ধ্বজাবাহক আমগুৰি সমষ্টিৰ বিলুপ্তিসাধনেৰে দলীয় নেতৃত্ব‌ই অগপ দলৰ কফিনত শেষ গঁজাল মাৰিলে বুলি সদ্য পদত্যাগী নেতা সদস্য‌ই দলীয় নেতৃত্ব‌ৰ‌ ওপৰত ক্ষোভ উজৰে।

Leave A Reply