Breaking

আগ্ছু ডিমাকুচী আঞ্চলিক সমিতিৰ শপত গ্ৰহণ

0 2,035

সদৌ অসম গোৰ্খা ছাত্র সন্থা ( আগ্ছু)  ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ডিমাকুচী আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা যোৱা ৩ অক্টোবৰ তাৰিখে সম্পন্ন হৈছিল। আঞ্চলিক সমিতিৰ পুৰনি সমিতি ভঙ্গ কৰি দিপক অধিকাৰিক সভাপতি আৰু মিলন শৰ্মাক সাধাৰণ সম্পাদক পদত নিৰ্বাচিত কৰি ডিমাকুচী আঞ্চলিক সমিতি পুনৰ গঠন হয়। যোৱা ১০ অক্টোবৰ তাৰিখে উক্ত নতুনকৈ গঠন হোৱা আঞ্চলিক সমিতিক কাৰ্য্যভাৰ অৰ্পণৰ লগতে জিলা সমিতিয়ে শপতগ্ৰহণো কৰোৱায়। ওদালগুৰি জিলাৰ শুকলাই চ’কত অৱস্থিত গোৰ্খা ভৱনত ডিমাকুচী আঞ্চলিক সমিতিৰ সভাপতি কিশোৰ চিৱাকোটীৰ সভাপতিত্বত আয়োজিত সাধাৰণ সভাত ওদালগুৰি জিলা সমিতি আগ্ছুৰ সাংস্কৃতিক সম্পাদক নৃপেন ভুৰ্তেল আৰু জিলা সদস্য অৰ্পণ ছেত্ৰীয়ে  আঞ্চলিক সমিতিৰ সদস্য সকলক গোপনীয়তা আৰু শপত পাঠ কৰায়।  উক্ত আঞ্চলিক সমিতিত সভাপতি দিপক অধিকাৰী, উপ সভাপতি চৰণ কটোৱাল আৰু শিৱ অধিকাৰী, সাধাৰণ সম্পাদক মিলন শৰ্মা, সহ সম্পাদক বালাকৃষ্ণ অধিকাৰী, খেম আচাৰ্য্য আৰু অমিত সাপকোটাৰ লগতে আঞ্চলিক সমিতিৰ অন্যান্য সদস্যই শপতগ্ৰহণ কৰে।উক্ত শপতগ্ৰহণ অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকি সাংগঠনিক বক্তব্য আগবঢ়ায় ক্ৰমে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মা, আগ্ছু কেন্দ্ৰীয় সদস্য কুমাৰ কটোৱাল, অসম গোৰ্খা সন্মিলন বি টি চি ক্ষেত্ৰীয় সমিতিৰ উপদেষ্টা কৃষ্ণ গিৰি, ভাষা সেনানী ইন্দ্ৰ চিৱাকোটী, আগ্ছু বি টি চি ক্ষেত্ৰীয় সমিতিৰ মুখপত্ৰ সম্পাদক সুদৰ্শন ভূষাল আৰু ডিমাকুচী আঞ্চলিক আগ্ছুৰ উপদেষ্টা কেদাৰ ভণ্ডাৰী আদিয়ে নতুনকৈ গঠন হোৱা আঞ্চলিক সমিতিক শুভেচ্ছা জনোৱাৰ লগতে ছাত্র সংগঠনে দেশ-জাতি আৰু সমাজৰ কাম কৰি যাবলৈ ছাত্র সংগঠনক আহ্বান জনায়।

Leave A Reply