Breaking

২০২৪ৰ টি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতপ্ৰাপ্ত খেলুৱৈয়ে বৃদ্ধি কৰিছে টিম ইণ্ডিয়াৰ সমস্যা, ৪ জন আঘাতপ্ৰাপ্ত…

0 36

ভাৰতীয় ক্ৰিকেট দলঃ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ চাৰিগৰাকী মূল খেলুৱৈ আঘাতপ্ৰাপ্ত, যাৰ ফলত প্ৰতিযোগিতাখনত ভাৰতৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হৈছিল দলটো। এতিয়া অনুৰাগীসকলে আশা কৰিছে যে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াই জয়লাভ কৰিব। কিন্তু বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ ৪ তাৰকা খেলুৱৈ আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকৰ আঘাত সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক আপডেট দিয়া হোৱা নাই। আঘাতপ্ৰাপ্ত খেলুৱৈৰ তালিকাত আছে মহম্মদ শামী, সূৰ্যকুমাৰ যাদৱ, ৰুতুৰাজ গাইকৱাদ আৰু হাৰ্দিক পাণ্ডিয়া।

১- হাৰ্দিক পাণ্ডিয়া

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল। প্ৰতিযোগিতাখনত বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখনত হাৰ্দিকে গোৰোহাত আঘাত পাইছিল, তাৰ পিছত এতিয়ালৈকে তেওঁ পুনৰ প্ৰত্যাৱৰ্তন কৰিব পৰা নাই।

২- মহম্মদ শ্বামী

শেহতীয়াকৈ ভাৰতৰ মাটিত খেলা এদিনীয়া বিশ্বকাপ ২০২৩ত মহম্মদ ছামীয়ে সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছিল। ৭খন মেচত ১০.৭১ গড়ৰে উৎকৃষ্ট গড় লাভ কৰি শ্বামীয়ে ২৪টা উইকেট দখল কৰে। শ্বামীৰ গোৰোহাত আঘাত আছে, যাৰ বাবে তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছিল। ইয়াৰ পূৰ্বে ছামীক টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও তাৰ পিছত বিচিচিআইয়ে আপডেট দি কয় যে আঘাতৰ বাবে তেওঁ টেষ্ট শৃংখলাৰ অংশ নহ’ব।

৩- সূৰ্য্য কুমাৰ যাদৱ

২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত সূৰ্য কুমাৰ যাদৱে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতৰ কমাণ্ড লয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় টি-২০ত ফিল্ডিং কৰি থকাৰ সময়তে তেওঁৰ ভৰিৰ গোৰোহাত আঘাত পাইছিল। এনে পৰিস্থিতিত টি-২০ বিশ্বকাপৰ পূৰ্বে টিম ইণ্ডিয়াৰ বাবে ই এক ডাঙৰ সমস্যা হ’ব পাৰে।

৪- ৰিতুৰাজ গাইকৱাদ

শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত ভাৰতীয় দলৰ অংশ আছিল ৰুতুৰাজ গাইকৱাড। তেওঁৰ সোঁহাতৰ ৰিং ফিংগাৰত আঘাত পাই।



Leave A Reply