Breaking

অসমৰ নতুন মন্ত্রী সভাত আহোমৰ ৫ বিধায়কক কেবিনেট মন্ত্ৰীৰ দাবী নহলে আহোমবিৰোধী চৰকাৰ বুলি অভিহিত কৰিব আহোম ৰাইজ আৰু আটাছুৱে

0 2,198

সদ্যঘোষিত অসম বিধানসভালৈ নিৰ্বাচনত  নিৰ্বাচিত হোৱা  প্ৰত্যেকজন প্ৰাৰ্থী লৈ ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাই অভিনন্দন জনাইছে ।তাই আহোম ছাত্র সন্হাৰ ডিমৌ আঞ্চলিক সমিতিয়ে আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ১০৭ নং থাওৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক সুশান্ত বৰগোঁহাইকো অভিনন্দন জনোৱাৰ লগতে থাওৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঐতিহাসিক সমল-সম্পদৰ বাবে বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইফালে গত সময়ৰ চৰকাৰে আহোম জনগোষ্ঠীৰ ৰাইজৰ বাবে বিশেষ একো নকৰিলে বুলি অভিযোগ কৰাৰ লগতে ক্ষোভ প্রকাশ কৰি ডিমৌ আটাছুৰ সভাপতি সুমিত কুমাৰ সন্দিকৈ আৰু সম্পাদক সৌৰৱ দিহিঙীয়াই অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী আহোম জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ  বিভিন্ন সময়ত ৰাজনৈতিক দল সমূহে লাভালাভৰ বাবে ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।লগতে ছাত্ৰ নেতাদ্বয়ে উল্লেখ কৰে যে বিগত সময়ৰ বিজেপি চৰকাৰখনত আহোমৰ বহুকেইজন যোগ্য বিধায়ক থকাৰ পিছতো এজনক ও মন্ত্ৰীসভাত স্থান নিদিলে বৰঞ্চ ৫ বছৰীয়া চৰকাৰৰ শেষৰ ফালে মাহমৰাৰ বিধায়ক যোগান মহনক ৰাজ্যিক মন্ত্ৰীত্ব প্ৰদান কৰি একপ্ৰকাৰ আহোমক অপমান  কৰিলে। এই সমগ্র ব্যৱস্থাটোৰ বাবে গত সময়ছোৱাত আহোম জনগোষ্ঠীৰ ৰাইজৰ কোনো ধৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ নহল। অন্যান্য বহু জনগোষ্ঠীৰ তুলনাত আহোম জনগোষ্ঠীৰ পিছ পৰি ৰল । সেইবাবে আটাছুয়ে এইবাৰ নতুনকৈ গঠন হবলগীয়া  মন্ত্ৰীসভাত নূন্যতম ৫ জন আহোম জনপ্ৰতিনিধিক কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিবলৈ  দাবী জনাইছে । ইয়াৰ অন্যথা সদৌ তাই আহোম ছাত্ৰ সন্থাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন আহোম বিৰোধী বুলি গণ্য কৰিবলৈ বাধ্য হব। আটাছু ডিমৌয়ে স্পষ্ট কৰি দিছে যে  যদিহে এই দাবী সন্দৰ্ভত আগন্তুক চৰকাৰখনে গুৰুত্ব আৰোপ নকৰে তেন্তে অনাগত দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ সহযোগত ধাৰাবাহিক ভাৱে  গণতান্ত্ৰিক আন্দোলন কৰিব। 

Leave A Reply