Breaking

মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ৱাইচিৰ, ‘ই মুছলমান সম্প্ৰদায়ক প্ৰতাৰণা কৰিছে’…

0 22

লোকসভাত আজি বিপুল ভোটত গৃহীত হয় মহিলা সংৰক্ষণ বিধেয়ক৷এনে সময়তে এআইএমআইএমৰ হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে লোকসভাত কেন্দ্ৰই উত্থাপন কৰা মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰে৷ বিধেয়কখনৰ বিৰুদ্ধে বক্তব্য ৰাখি এআইএমআইএম নেতাজনে কয়, ‘বিধেয়কখন ভাৰতৰ মুছলমানসকলৰ বিৰুদ্ধে। ই মুছলমান সম্প্ৰদায়ক প্ৰতাৰণা কৰিছে। ” হায়দৰাবাদৰ সাংসদগৰাকীয়ে লগতে কয়, “মোদী চৰকাৰে কেৱল ‘সবৰ্ণ’ মহিলাৰ বাবে প্ৰতিনিধিত্ব বৃদ্ধি কৰিব বিচাৰিছে। এই বিধেয়কখনে অ’বিচি আৰু মুছলমান মহিলাসকলৰ প্ৰতিনিধিত্ব প্ৰভাৱান্বিত নকৰে।” তেওঁ লগতে কয়, “এয়া মহিলা প্ৰবঞ্চনা বিধেয়ক, ই অ’বিচি বিৰোধী, মুছলমান বিৰোধী বিধেয়ক।”ৱাইচিয়ে মঙলবাৰেও ‘নাৰী শক্তি বন্দন অধিনিয়াম’ (মহিলা সংৰক্ষণ বিধেয়ক)ৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল যে তেওঁ বিধেয়কখনৰ বিৰোধী৷ কিয়নো বিধেয়ক খনত মুছলমান আৰু অ’বিচি সম্প্ৰদায়ৰ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰখা নাই৷

“কাক প্ৰতিনিধিত্ব দিয়া হৈছে? যিসকলৰ প্ৰতিনিধিত্ব নাই তেওঁলোকক প্ৰতিনিধিত্ব দিয়া উচিত। এই বিধেয়কৰ মুখ্য ত্ৰুটিটো হ’ল যে মুছলমান আৰু অ’বিচি সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে কোনো সংৰক্ষণ নাই, সেয়েহে আমি ইয়াৰ বিৰোধী,” ৱাইছিয়ে কয়৷ “আপুনি এখন বিধেয়ক প্ৰস্তুত কৰিছে যাতে মহিলাসকলৰ সকলৰ প্ৰতিনিধিত্ব থাকে। এতিয়ালৈকে, ১৭ টা লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে য’ত ৮,৯৯২ গৰাকী সাংসদ নিৰ্বাচিত হৈছে। ইয়াৰ ভিতৰত মাত্ৰ ৫২০ গৰাকী মুছলমান আছিল আৰু ইয়াত এগৰাকী মহিলাও নাছিল। ” তেওঁ কয়। উল্লেখ্য কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ১৯ ছেপ্টেম্বৰত নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকত বিধেয়কখন উত্থাপন কৰিছিল। মেঘৱালে বিধেয়কখন উত্থাপন কৰাৰ সময়ত কৈছিল যে নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ পিছত লোকসভাত মহিলাৰ আসনৰ সংখ্যা ১৮১ লৈ বৃদ্ধি পাব।

Leave A Reply