Breaking

গুৱাহাটীৰ আকাশমাৰ্গত বায়ুসেনাৰ দৃষ্টিনন্দন এয়াৰ শ্ব’…

0 42

সূৰ্যকিৰণ এৰ’বেটিক দলৰ বিমান ষ্টাণ্টৰ আকৰ্ষণীয় মূহুৰ্ত

আজি পুৱা গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰ’বেটিক টীমৰ দ্বাৰা পৰিৱেশিত হক এম কে ১৩২ বিমানৰ চমকপ্ৰদ এয়াৰ শ্ব’ প্ৰত্যক্ষ কৰি মন্ত্ৰমুগ্ধ হৈ পৰে মুখ্যমন্ত্ৰীৰ । গুৱাহাটী মহানগৰীত এই সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

এনে অনুষ্ঠানে আমাৰ হৃদয় সীমাহীন দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাত সহায় কৰে আৰু প্ৰতিটো মুহূৰ্ত আমাক মাতৃভূমিৰ সেৱাত উৎসৰ্গা কৰাত অনুপ্ৰেৰণা যোগায়, বুলি কয় মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ ৰাজ্যপালৰ সহধৰ্মিণী প্ৰেম মুখী, এয়াৰ মাৰ্শ্বাল (ইষ্টাৰ্ন এয়াৰ কমাণ্ড) ডি কে পাটনায়ক, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল আৰু প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে।

Leave A Reply