Breaking

উত্তৰ গুৱাহাটীত এয়াৰটেল ৱাই ফাই অপটিকেল ফাইবাৰ ব্ৰড বেণ্ড সেৱা মুকলি

0 91

বৰ্তমান প্ৰযুক্তিৰ যুগ। লাহে সমগ্ৰ দেশতে ফাইভ জি সেৱা আৰম্ভ হৈছে। এই ডিজিটেল যুগত ইন্টাৰনেট অবিহনে কোনো কামে সম্ভৱ নহয়। উত্তৰ গুৱাহাটীত এতিয়া লৈ গ্ৰাহকৰ বাবে মাত্ৰ বি এছ এন এল ব্ৰড বেণ্ড সেৱাহে উপলব্ধ আছিল। গতিকে যথেষ্ট সংখ্যক গ্ৰাহক থকাৰ পিছতো সেৱা সকলো অঞ্চলতে উপলদ্ধ নোহোৱাৰ বাবে গ্ৰাহকসকল ব্ৰড বেণ্ড সেৱাৰ পৰা বঞ্চিত হৈ আছিল।

এইসকলোবোৰ অসুবিধা দূৰ কৰিবলৈ উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰত আজি স্হানীয় উদ্যোগী যুৱক তুলিকা (ৰিংকু) বৈশ্য উদ্যোগত এয়াৰটেল ব্ৰড বেণ্ড সেৱা মুকলি কৰা হৈছে। এই সেৱাৰ জৰিয়তে সমগ্ৰ উত্তৰ গুৱাহাটীবাসী ৰাইজ উপকৃত হ’ব বুলি জানিব পৰা গৈছে।

আজি উদ্ধোধনী অনুষ্ঠানত এয়াৰটেল ব্ৰড বেণ্ড ছাৰ্ভিছৰ বিডিএম জয়ন্ত কুমাৰ ভাগৱতী, এৰিয়া চেইলচ মেনেজাৰ সঞ্জীৱ ভট্টাচাৰ্য উপস্থিত থাকি গৌৰী কেবোলৰ জৰিয়তে ব্ৰড বেণ্ড সেৱা মুকলি কৰিছে। উদ্ধোধনী অনুষ্ঠানত উত্তৰ গুৱাহাটী চেইন্থ এন্থনী স্কুল ফাডাৰ ইগনেচেচ ফ্ৰাঞ্চিছ, সাংবাদিক মুকুটেশ্বৰ গোস্বামী, বিশিষ্ট ব্যৱসায়ী অৰবিন্দ বৰ্মণ প্ৰমুখ্যে উত্তৰ গুৱাহাটী অঞ্চলৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

Leave A Reply