Breaking

ঐশ্বৰ্যৰ সৈতে বচ্চন পৰিয়ালৰ মিল নাই, এইবাৰ নব্যাই আৰাধ্যাৰ বিষয়ে কি ক’লে…

0 94

বলীউডৰ প্ৰাক্তন মিছ ইউনিভাৰ্ছ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন ১৫ বছৰতকৈও অধিক সময় ধৰি বলীউডৰ অন্যতম বিখ্যাত পৰিয়ালৰ সদস্য। প্ৰায় দুটা দশকৰ ভিতৰতে বচ্চন পৰিয়ালক কেন্দ্ৰ কৰি বহুতো ভিন্ন ধৰণৰ উৰাবাতৰিৰ সৃষ্টি হৈছে। শাহুৱেক জয়া বচ্চনৰ লগত ঐশ্বৰ্যৰ একেবাৰে মিল নাই, এনে বহু কথা শুনা গৈছে, যদিও ৰাজহুৱা স্থানত অভিনেত্ৰীগৰাকীয়ে নিজকে অমিতাভ আৰু জয়াৰ বোৱাৰী হিচাপে চিত্ৰিত কৰিছে। বঁটা বিতৰণৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানত শাহুৱেকৰ কাষত দেখা পোৱা যায় বোৱাৰীয়েকক। কিন্তু শেহতীয়া খবৰ, বচ্চন পৰিয়ালৰ ঐশ্বৰ্য মামীয়েক-আইতাকৰ বিষয়ে ক’লে বহু কথা। কেৱল শাহুৱেকৰ লগত নহয়, নব্যা শ্বেতা বচ্চন লগতো ঐশ্বৰ্যৰ কোনো সম্পৰ্ক নাই।


বচ্চন পৰিয়ালত যিমানেই চাপ নাথাকক কিয়, সকলোৰে সন্মুখত তেওঁলোক সদায় নিখুঁত। শেহতীয়াকৈ নব্যাই তেওঁৰ শ্ব’ ‘ৱাট দ্য হেল নব্যা’ৰ দ্বিতীয় ছিজনত তেওঁলোকৰ পৰিয়ালৰ সকলো কথা আলোচনা কৰিছিল। এইবাৰ তেওঁ আৰাধ্যাৰ বিষয়ে ক’লে, যদিও তাইৰ বয়স ১২ বছৰ, তথাপিও তাই বয়সতকৈ বহুত বেছি পৰিপক্ক। নব্যাৰ ভাষাত “আৰাধ্যাক দিবলৈ মোৰ কোনো উপদেশ আচলতে নাই।” ইয়াৰ বাহিৰেও আজিৰ শিশুসকল তেওঁলোকৰ চৌপাশে ঘটি থকা সকলো কথাৰ প্ৰতি সচেতন। মোৰ ভাগ্য ভাল যে আৰাধ্যা দৰে এগৰাকী ভনী আছে মোৰ।

Leave A Reply