Breaking

ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱালৈ ২০২০ বৰ্ষৰ নটসূর্য ফণী শৰ্মা বঁটা ঘোষণা

0 1,326

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ অসমৰ নাট্য জগতৰ কিংবদন্তি নটসূর্য ফণী শৰ্মাৰ স্মৃতিত অসম চৰকাৰে ২০০৪ৰে পৰা প্ৰযোজ্য হোৱাকৈ প্ৰৱৰ্তন কৰা নটসূর্য ফণী শৰ্মা বঁটাৰ ২০২০ বৰ্ষৰ বাবে বিশিষ্ট নাট্য শিল্পীদ্বয় ক্ৰমে ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱাক মনোনীত কৰা হৈছে। অহা ৩১ জুলাইত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰৰ বাণ থিয়েটাৰত আয়োজিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নটসূর্য ফণী শৰ্মা বঁটা প্ৰদান কৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিধায়ক ক্ৰমে বৃন্দাবন গোস্বামী, বিধায়ক পদ্ম হাজৰিকা, বিধায়ক অশোক সিংঘাল, বিধায়ক গণেশ লিম্বু প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল অতিথিৰূপে এই
বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব। নাট্য জগতৰ কিংবদন্তি নটসূর্য ফণী শৰ্মাৰ স্মৃতিত অসম চৰকাৰে আগবঢ়োৱা বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগবস্ত্ৰ।

জ্যোতিস্মান শৰ্মা

Leave A Reply