Breaking

মাতৃত্ব অৰ্জনত বহু সমস্য়াৰ সন্মুখীন হৈছিল ঐশ্বৰ্য ৰায়! ঘণ্টাৰ পিছত ঘণ্টা প্ৰসৱ বেদনাত ছটফটাই আছিল অভিনেত্ৰীগৰাকী…

0 110

মাতৃত্ব অৰ্জনত বহু সমস্য়াৰ সন্মুখীন হৈছিল ঐশ্বৰ্য ৰায়! ঘণ্টাৰ পিছত ঘণ্টা প্ৰসৱ বেদনাত ছটফটাই আছিল অভিনেত্ৰীগৰাকী। চিকিৎসকে চি ছেকচন প্ৰসৱৰ পৰামৰ্শ দিয়াৰ পিছতো ঐশ্বৰ্য ৰায় বচ্চনে স্বাভাৱিক প্ৰসৱৰ সিদ্ধান্ত লৈছিল। শহুৰেক অমিতাভ বচ্চনেও এই কথা প্ৰশংসা কৰে। বলীউডৰ অন্যতম ধুনীয়া অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰ সময়ত বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল। শহুৰেক অমিতাভ বচ্চনেও ঐশ্বৰ্য ৰায় বচ্চনক বহুত প্ৰশংসা কৰে।

২০১১ চনৰ কথা। যেতিয়া ঐশ্বৰ্য ৰায় গৰ্ভৱতী আছিল। প্ৰসৱৰ সময় ওচৰ চাপি আহিছিল, দুদিন আগতেই চিকিৎসালয়ত ভৰ্তি কৰাইছিল অভিনেত্ৰীগৰাকীক। কিন্তু অভিনেত্ৰীগৰাকীৰ প্ৰসৱৰ বিষ হোৱা নাছিল যাৰ বাবে চিকিৎসকসকল চিন্তিত হৈ পৰিছিল। এই সময়ছোৱাত বচ্চন পৰিয়াল তেওঁৰ লগত আছিল। এবাৰ অমিতাভ বচ্চনে নিজেই কৈছিল যে ঐশ্বৰ্যৰ নৰ্মেল ডেলিভাৰী সহজ নহয়। এনে পৰিস্থিতিত ডাক্তৰে তাইক চি-চেকচনৰ পৰামৰ্শ দিছিল যদিও তাই ডাক্তৰৰ কথা নুশুনি স্বাভাৱিক প্ৰসৱৰ সিদ্ধান্ত লৈছিল। অৱশেষত ২ দিনৰ পিছত প্ৰসৱ বেদনাত ৩ ঘণ্টা ধৰি এই বিষত ভুগি আছিল, তাৰ পিছত ২০১১ চনৰ ১৬ নৱেম্বৰত আৰাধ্যাৰ জন্ম হয়। ৩৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মাতৃত্ব অৰ্জন কৰে। এই সিদ্ধান্তৰ বাবে বিগ বিয়ে সকলোৰে সন্মুখত ঐশ্বৰ্যক প্ৰশংসা কৰিছিল।


Leave A Reply