Breaking

অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা বিজেপিলৈ যোৱাটো নিচ্ছিত কৰিলে কংগ্ৰেছ দলে

0 2,086

সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ গোলাঘাটৰ ঘৰত উপস্হিত ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া । ৰ’জলীনা তিৰ্কীৰ ঘৰত হৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যঃ অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা যাব বিজেপিলৈ । এই কথা কোনো বিৰুধী দলৰ মন্তব্য নহয় । এই কথা স্পষ্ট কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এক পত্ৰযোগে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক  জিলা সভাপতি পদৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জানিবলৈ দি ৰূপজ্যোতি কুৰ্মীয়ে কয় “নতুন বছৰত কংগ্ৰেছ দল নতুন ৰূপত উদ্ভাসিত হোৱাতো বিচাৰো। APCC ৰ সভাপতি কোন হয় নাজানো। ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া, ৰ’জলীনা তিৰ্কী এজনো নাযায় BJP লৈ। অজন্তা নেওগৰ পাছত লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গোৱালা যাব। আৰু কোনো নাযায়” ।

ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে, “২১ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি প্ৰথমে কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতি কৰি বিজেপি লৈ যোৱা সকলক ৫ দিনৰ ভিতৰত জেললৈ পঠাব।”

অজন্তা নেওগে কংগ্ৰেছৰ দিনত হোটেল ল’লে, জীম খুলিলে, হেঙেৰাবাৰীত মাটি ল’লে, GMCH ৰ ওচৰত মাটি ল’লে, ফ্লেট কিনিলে, টকা পইছা কৰিলে। বহু দুৰ্নীতি কৰিলে। আৰু বিজেপিয়ে দুৰ্নীতিৰ ফাইল খোলাৰ ভয়ত বিজেপি গমণ অজন্তা নেওগৰ – ৰূপজ্যোতি কুৰ্মী ।

ৰূপজ্যোতি কুৰ্মীয়ে কয়, “কংগ্ৰেছ দল আমাৰ মা । মাৰ এতিয়া অসুখ হৈছে । এনে অৱস্থাত নিৰ্লজ, চৰিত্ৰহীন সকলেহে মাকক এৰি যায় । অজন্তাক বেয়াকৈ গালি ৰূপজ্যোতিৰ।”

Leave A Reply