Breaking

বিজেপিত যোগদানৰ পূৰ্বেই অজন্তা নেওগক কংগ্ৰেছৰ পৰা অপসাৰণ

0 2,047

চৰ্চা অনুসৰি, ২৬ ডিচেম্বৰত গোলাঘাটৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে! কেইদিনমান আগত বিধায়িকা গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু বৃত্তমন্ত্ৰীক সাক্ষাত কৰিছিল। যোগদানৰ বিষয়টো এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও  ইতিমধ্যেই কংগ্ৰেছৰ পৰা অপসাৰণ কৰা হৈছে অজন্তা নেওগক।

গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বৃহস্পতিবাৰে কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপনে বৈঠকত বহাৰ খবৰ সদৰি হোৱাৰ পিছতে আজি শুকুৰবাৰে এই পদক্ষেপ গ্ৰহণ কৰে কংগ্ৰেছে। 

আনহাতে আন কেইবাজনো কংগ্ৰেছৰ অন্য বাঘা বাঘা শীৰ্ষ নেতা বিজেপিলৈ যাব বুলি চৰ্চা চলি আছে ।

Leave A Reply