Breaking

দুলীয়াজানৰত কৰ’ণা আক্ৰান্তৰ পৰিয়ালৰ কাষত অ:জা:প:ৰ সভাপতি লুৰীণজ্যোতি গগৈ

0 1,041

সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছে এক প্ৰকাৰে মহামাৰী ৰূপ ধাৰণ কৰিছে । ইয়াৰ সমান্তৰালকৈ ভাৰত আৰু অসমৰ গাঁৱে-ভূঞে, চাহ-বাগিচা আদি সকলো প্ৰান্তততে এই ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দুলীয়াজান সমষ্টিৰ অন্তৰ্গত
১৬ নং তিনিআলি, প্ৰাগজ্যোতিষপুৰ, বিষ্ণু নগৰ, কমলাবাৰী, বৰাগাধৈ,
দ’হুকুটা, বাম হুকটা, বৰুৱা তিনিআলি, ডিগবৈমুখ, বামুণগাঁৱ আদি বিভিন্ন অঞ্চলত যিসকল কৰ’ণা ৰোগত আক্ৰান্ত, হোম কোৱাৰেণ্টাইন আৰু কন্টেইনমেন জ’নত থকা পৰিয়াল সকলক কিছু সকাহ দিবলৈ নিত্য ব্যৱহাৰিত খাদ্য সামগ্ৰী চাউল, দাইল, মিঠাতেল, আলু, হালধী, নিমখ, চাবোন, বিস্কুট, খাখীৰৰ টোপোলা আৰু মাক্স আদি বিতৰণ কৰাৰ লগতে প্ৰতিটো পৰিয়ালৰ স্বাস্থ্যৰ বুজ লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । অন্যহাতে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ
পৰিস্কাৰকৈ থকা, সামাজিক দূৰত্ব বজাই ৰখা, চৰকাৰী নিৰ্দেশনা মানি চলা, আৰু ঘৰতে থাকি সুৰক্ষিত থাকিবলৈ পৰামৰ্শ আগবাঢ়ায় লুৰীণজ্যোতি গগৈয়ে । এই কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক ৰুবুল গগৈৰ লগতে দলীয় কৰ্মীসকল সহযোগ আগবঢ়াই ।

Leave A Reply