Breaking

জামুগুৰিহাটৰ বাপুজী ভৱনত এজাক শিশুৰ কলৰৱ ; মঞ্চস্থ হ’ল শিশু নাট ‘মকৰা’ আৰু ‘সৰস্বতী পূজাৰ আগদিন’

0 1,296

জামুগুৰিহাট,৭ ডিচেম্বৰ: ক’ভিডৰ বাবে প্ৰায় ৯ মাহে শিশুসকল নিজ গৃহতেই সোমাই থাকিবলগীয়া হোৱা কথাটোৱে অকল শিশু সকলকে নহয় অভিভাৱকসকলৰো মনত কষ্ট দিছিল। এনে সময়ত কোনোৱে যদি ৰাজহুৱা স্থানলৈ ওলাই অহাৰ সুবিধা পায়, হাঁহি ধেমালিৰ মাজেৰেই যদি মঞ্চত অনুষ্ঠিত কৰাৰ সুবিধা পায় এখন নাটক তেন্তে তেওঁতকৈ আৰু কোন বেছি সুখী হ’ব পাৰে ! তাৰেই যেন প্ৰতিফলন ঘটিল কালি নিশা জামুগুৰিহাটৰ বাপুজী ভনৱত। যোৱা ২২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা মুখ্যমন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মঞ্চস্থ কৰা হয় বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীৰ দুখন শিশু নাট ‘মকৰা’ আৰু ‘সৰস্বতী পূজাৰ আগদিন’। জামুগুৰিহাটৰ বিশিষ্ট নাট্য শিল্পী তথা নাট পৰিচালক ৰঞ্জন কুমাৰ দাসৰ যাদুকৰী আঙুলিৰ পৰশত  শিশুসকলে প্ৰদৰ্শন কৰা দুয়োখন নাটেই দৰ্শকক মন মোহিবলৈ সক্ষম হয়। প্ৰতিটো চৰিত্ৰই সাৱলিল অভিনয়েৰে প্ৰতিটো মুহূৰ্ততে  দৰ্শকক মন্ত্ৰ মুগ্ধ কৰি ৰাখে।বিশেষকৈ “সৰস্বতী পূজাৰ আগদিন” নাটকৰ ৰামুৰ চৰিত্ৰত অভিনয় কৰা ব্লেজ বৰা, নয়নৰ চৰিত্ৰত জিজ্ঞাস প্ৰতীম কলিতা আৰু ৰবীনৰ চৰিত্ৰৰ ভাৰ্গৱ ৰঞ্জন শইকীয়াৰ অভিনয় আছিল নিখুঁত আৰু বিশেষভাৱে শলাগ ল’বলগীয়া। নাৰী চৰিত্ৰৰ ক্ষেত্রত দীপ্তিদিশা দাস, পল্লৱী দাস, কাম্যাঞ্জলী শইকীয়া, হিমা দাস আৰু বিস্তৃনা নাথ, মাৰুক আহমেদ আদিয়ে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়। আন দুটি বিশেষ চৰিত্ৰ সুকুমাৰৰ চৰিত্ৰত ধ্ৰুৱজ্যোতি বৰুৱাই হাস্যৰস সৃষ্টিৰ বাবে কৰা প্ৰচেষ্টা আৰু মকৰা নাটকত প্ৰতিকনন্দন বৰাৰ অভিনয়ৰ গাম্ভীর্যতা বিশেষভাৱে মন কৰিবলগীয়া। নাটখনত মকৰাৰূপী কণমানি কল্পান্ত দাসৰ ধৈৰ্যৰহে যেন পৰীক্ষা ল’লে পৰিচালক ৰঞ্জন কুমাৰ দাসে। অন্যান্য চৰিত্ৰত অভিনয় কৰা  প্ৰতিকনন্দন বৰা, লহৰজ্যোতি ভূঞা, অনুৰাগ দাসৰ অভিনয়েও ৰাইজৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম হৈছে ৷ মঞ্চসজ্জাৰ ক্ষেত্ৰত চিদানন্দ শইকীয়া আৰু জিতেন শইকীয়াৰ কষ্ট সাৰ্থক হৈছে বুলি দৰ্শক ৰাইজে মত পোষণ কৰে। নাট্যসন্ধাটি শুভ উদ্বোধক আছিল নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা। তেখেতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এনে প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে আৰু ভৱিষ্যতে অধিক কাৰ্যসূচীৰে অঞ্চলটোক অধিক প্ৰাণৱন্ত কৰি ৰাখিব বুলি আশা ব্যক্ত কৰে। শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া, বিশিষ্ট নাট্য শিল্পী জিতেন চন্দ্ৰ দাসে আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত বাপুজী ভৱনত নাট্য সমাজৰ সম্পাদক বিকাশ বৰা আৰু যুৱ সমাজকৰ্মী মিংকু কলিতাক সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা সন্মান প্ৰদৰ্শন কৰা হয়। হঠাৎ স্থবিৰ হৈ পৰা জামুগুৰিহাটৰ নাট্য আন্দোলনক কালিৰ নাট্য সন্ধ্যাটিয়ে পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে বুলি অঞ্চলবাসী ৰাইজে মত পোষণ কৰে।

Leave A Reply