Breaking

কাজলক প্ৰত্যাহ্বান জনাই কোটি কোটি মূল্যৰ সম্পত্তি ক্ৰয় কৰে অজয় ​​দেৱগনে…

0 124

কাজলে মুম্বাইত ১৬.৫ কোটি টকাৰ ঘৰ ক্ৰয় কৰাৰ মাত্ৰ পাঁচ দিনৰ পিছতে কোটি টকীয়া সম্পত্তি ক্ৰয় কৰিলে অভিনেতা অজয় দেৱগনে। এক নতুন প্ৰতিবেদন অনুসৰি অজয়ে মুম্বাইৰ আন্ধেৰী পশ্চিম অঞ্চলত ক্ৰয় কৰিছে সম্পত্তি। অভিনেতাগৰাকীৰ নতুন সম্পত্তিৰ মূল্য ৪৫ কোটি টকা। মানি কণ্ট্ৰলৰ তথ্য অনুসৰি এই কাৰ্যালয়ৰ স্থান মুঠ ১৩,২৯৩ বৰ্গফুট এলেকাত বিস্তৃত। ইউনিট ১ ৰ বিল্ড আপ এলেকা ৮,৪০৫ বৰ্গফুট। এই ইউনিটটো অশিৱাৰাৰ চিগনেচাৰ বিল্ডিঙৰ ১৬ নং মহলাত অৱস্থিত। এই ইউনিটটোৰ ব্যয় ৩০.৩৫ কোটি টকা বুলি কোৱা হৈছে।

অজয় ​​আৰু কাজলে নিজৰ কামৰ বাবে শিৰোনাম দখল কৰিছে। অজয়ৰ বাবে বৰ্তমান বহু প্ৰজেক্ট আছে। ইয়াৰ ভিতৰত আছে ৰোহিত শ্বেট্টীৰ সিংঘম ৩। এই ছবিখনত দীপিকা পাডুকনেও লেডী সিংঘমৰ চৰিত্ৰত অভিনয় কৰিব। এই ছবিখনত বিকি কৌশলকো দেখা যাব। খবৰ অনুসৰি ৰণবীৰ সিং আৰু অক্ষয় কুমাৰ, অজয় ​​দেৱগন আৰু বিকি কৌশলেও যোগদান কৰিব সিংঘমত। ইয়াৰ উপৰিও অজয় ​​আৰু ৰোহিত পুনৰ একত্ৰিত হ’ব গোলমাল ৪ৰ বাবে। আনহাতে কাজলক শেহতীয়াকৈ লাষ্ট ষ্ট’ৰীছ ৪ত দেখা গৈছিল আৰু এতিয়া তেওঁক দ্য ট্ৰেইলত দেখা যাব।

Leave A Reply