Breaking

এন চি পিৰ নেতাৰ সৈতে গোপন বৈঠক অজিত পাৱাৰৰ! বিজেপিত যোগদান কৰাৰ সম্ভাৱনা…

0 63

হোটেলত এন চি পিৰ নেতাৰ সৈতে অজিত পাৱাৰৰ গোপন বৈঠক! মহাৰাষ্ট্ৰত অজিত পাৱাৰে এনচিপি এৰি বিজেপিত যোগদান কৰাৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। কিন্তু, তেওঁ এই খবৰৰ অস্বীকাৰ কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত এই মুহূৰ্তৰ পৰিবেশ অতি উত্তপ্ত। এন চি পিৰ বিধায়কৰ পৰা বিচ্ছিন্ন হৈ অজিত পাৱাৰে বিজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ হৈ আছে। এতিয়া এই সকলোবোৰৰ মাজতে আন এক ডাঙৰ খবৰ আহিছে যে মঙলবাৰে অজিত পাৱাৰ, প্ৰফুল্ল পেটেল, দিলীপ ৱালছে পাটিল আৰু ছগন ভুজবালৰ সাক্ষাৎ মুম্বাইৰ কোলাবা অঞ্চলৰ এখন ফাইভ ষ্টাৰ হোটেলত।

এই নেতাসকলৰ মাজত কি বিষয়ত আলোচনা হৈছিল সেই সন্দৰ্ভত তথ্য পোৱা নগ’ল যদিও এই নেতাসকলকো অজিত পাৱাৰৰ সৈতে থিয় হৈ থকা দেখা গ’ল। এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰেও এই বিধায়কসকলৰ সৈতে ফোনযোগে কথা পাতিছিল বুলিও খবৰ পোহৰলৈ আহিছে। অৱশ্যে বিজেপিত যোগদানৰ খবৰ অস্বীকাৰ কৰি অজি পাৱাৰে আগদিনা কৈছিল যে মই এন চি পিত আছো আৰু কেৱল এন চি পিত থাকিম। এই সকলোবোৰ খবৰক তেওঁ উৰাবাতৰি বুলি অভিহিত কৰে।

এই সকলোবোৰৰ পাছতো অজিত পাৱাৰৰ এই বৈঠকে ৰাজনৈতিক কৰিড’ৰত তেওঁৰ দল ত্যাগক লৈ জল্পনা-কল্পনা বাঢ়িছে৷ লগতে অজিতে বিচাৰিছে যে সমগ্ৰ এন চি পি দল বিজেপিৰ লগত লগ হওক যাতে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত দলটোৱে লাভৱান হ’ব পাৰে।

মঙলবাৰে অজিত পাৱাৰে নিজৰ টুইটাৰ আৰু ফেচবুক একাউণ্টৰ পৰা দলৰ চিম্বল থকা ফটোখন আঁতৰাই পেলায়। ইয়াৰ পিছত তেওঁ কয় যে তেওঁ জীয়াই থকালৈকে নিজৰ দলৰ বাবে কাম কৰি যাব। একে সময়তে মঙলবাৰে সন্ধিয়া মুম্বাইৰ ইছলাম জিমখানাতো এন চি পিৰ ইফতাৰ পাৰ্টি অনুষ্ঠিত হয়। দলৰ মুৰব্বী শাৰদ পাৱাৰৰ সৈতে অজিত পাৱাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Leave A Reply