Breaking

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…

0 30

৪৩ বছৰীয়া বিদেশীক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰী-চৰকাৰৰঃ অবৈধ অনুপ্ৰবেশকাৰীৰ আগ্ৰাসনে অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি সংকট নামি পৰিছে।

ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মেল সম্বোধন কৰি অসমত ১ কোটি ২৫ লাখ অনুপ্ৰবেশকাৰী থকাৰ লগতে ৪০ জন বিধায়ক, ন্যায়াধীশ, উপায়ুক্ত আৰু অধ্যক্ষও বাংলাদেশী আছে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। উল্লেখ্য যে কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য টায়ে গগৈৰ মৃত্যুৰ খৱৰ ল’বলৈ বৃহস্পতিবাৰে শিল্পীগৰাকীৰ জলকীয়া সূঁতিস্হিত ঘৰত উপস্থিত হয় লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীয়ে কৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় – ৪৩ বছৰীয়া অবৈধ বিদেশী অসমত থকাটো সঁচা যিটো মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে স্বীকাৰ কৰিছে। বিদেশীক চিনাক্তকৰণ কৰি বহিস্কাৰ

কৰাৰো দায়িত্ব মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ। ১৯৭১ চনৰ অসম চুক্তিমতে অবৈধ বিদেশী বহিস্কাৰ কৰাৰ  লগতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈও দাবী জনাই পুনৰ কয়  কিন্তু এয়া নকৰি উলোটাই কা’আইন জাপি দি বিদেশী বহিস্কাৰৰ পৰিবৰ্তে মুখ্যমন্ত্ৰীয়ে বিদেশীক অসমত সংস্থাপন দিব বিছাৰিছে যিটো অসমীয়া ৰাইজৰ পৰিপস্থী। শীঘ্ৰেই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত ত্ৰিপাক্ষিক চুক্তি কৰি বিদেশী বহিস্কাৰ কৰিবলৈও  আহ্বান জনায়। কিয়নো অসম বিদেশীৰ চৰনীয়া পথাৰ নহ’য় , অবৈধ বিদেশীৰ আগ্ৰাসনে ৰাজনৈতিক,

সামাজিক প্ৰটভুমিক ধ্বংসৰ দিশে ঠেলি দিয়াৰ লগতে অসমীয়া ভাষা কৃষ্টি সংস্কৃতিত সংকট নামি আহিছে বুলি এজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য আগবঢ়ায়। ইফালে অসমৰ কেবাখনো বিহু মঞ্চত শিল্পীক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনায় চুক্তিমতে ধন আদায় নিদি অপমান কৰা কাৰ্য্যৰ বিৰোধিতা কৰে এজেপিৰ নেতা গৰাকীয়ে। লগতে শিল্পীৰ সংগঠন উপভোগ কৰিবলৈ অহা দৰ্শককো শান্তি শৃংখলা বজাই ৰাখি সংগীতানুষ্ঠান উপভোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। চিত্তৰঞ্জন বসুমতাৰীৰ লগতে কেবাগৰাকীও কৰ্মীৰ লগতে প্ৰাক্তন আছু কৰ্মী সকলেও সংগ দিয়ে ।

Leave A Reply