Breaking

বিমান বন্দৰৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ দলৰ তীব্ৰ-প্ৰতিবাদ

0 2,056

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰকে ধৰি দেশৰ কেইবাটাও লাভজনক বিমান বন্দৰক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি তীব্ৰ বিৰোধীতা কৰিছে অসম জাতীয় পৰিষদ দলে। কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠিত বি জে পি চৰকাৰে পুঁজিপাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিগত সময়ছোৱাত অতি নিৰ্লজ্জভাবে সমগ্ৰ দেশখনৰ সমান্তৰালকৈ অসমতো এটাৰ পাছত আন এটা ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ দলে। অসম জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক গুৰুতৰ অভিযোগ তুলি কয় যে, ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো শেহতীয়া ভাৱে প্ৰায় ১৩৮৩ কৌটি টকা ব্যয় সাপেক্ষে আন্ত: গাঁথনিৰ ব্যাপক উন্নয়ন কৰাৰ পাছতো বৰঝাৰ বিমান বন্দৰটো আদানি গ্ৰুপক ৫০ বছৰৰ বাবে গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। কিন্ত ইয়াৰ পিছতো জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে ক্ষমতাৰ শাসনত অধিষ্ঠিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বিকাৰ ভুমিকা গ্ৰহন কৰাটো স্বাভাৱিকতে লজ্জাজনক। উল্লেখ্যনীয় যে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰ হিচাপে পৰিগণিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো ব্যক্তিগতকৰণক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি অসম জাতীয় পৰিষদ দলৰ লগতে ভাতৃ-ভগ্নী সংগঠণ মহিলা শক্তি, যুৱ শক্তি আৰু জাতীয় শ্ৰমিক শক্তিয়ে বৰঝাৰ বিমান বন্দৰ চৌহদত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয়  উপ-সভাপতি দুলু আহমেদ অংশ গ্ৰহন কৰি বৰঝাৰ বিমান বন্দৰ ব্যক্তিগতকৰণক কেন্দ্ৰ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনক কঠোৰভাষাৰে সমালোচনা কৰি বৰঝাৰ বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ হঠকাৰী সিদ্ধান্ত তৎকালে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । উল্লেখ্য যে আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা সমিতিকে ধৰি অসম জাতীয় পৰিষদ দলৰ বিভিন্ন জিলা পৰিষদৰ নেতা-কৰ্মী সকলে অংশ গ্ৰহন কৰি আদানি-আম্বানিৰ মতে দেশ নচলিব, নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ সোণোৱালমুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, বণিক গোষ্ঠীৰ দপদপনি নচলিব, আদানি গ্ৰুপ হুচিয়াৰ, ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণ বন্ধ কৰক আদি প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ এয়াৰৰ্পট অথৰিটী এম্প’য়িজ ইউনিয়নৰ নেতা  পবিত্ৰ দাসেও ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ হাতত বৰঝাৰ বিমান বন্দৰ ব্যক্তিগতকৰণৰ চুক্তি বাতিল কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি দুলু আহমেদ, সাংগঠণিক সম্পাদক মহেশ শৰ্মা, মুখপাত্ৰ অভিজীৎ কমল, যুটীয়া সম্পাদক প্ৰিঞ্চ ফাইজুৰ হককেধৰি অসম জাতীয় পৰিষদ দলৰ বহু নেতাই ভাগ লৈ চৰকাৰৰ বিৰুদ্ধে অনাগত সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দি এয়াৰপৰ্টৰ শ্ৰমিক-কৰ্মচাৰীক একগোট হৈ থাকিবলৈ আহ্বান জনায়।

Leave A Reply